কলিয়াবৰত Arohan Financial services Ltd ৰ বান সাহায্য বিতৰণ

কলিয়াবৰত Arohan Financial services Ltd ৰ বান সাহায্য বিতৰণ 

 

 বিভিন্ন সময়ত মাক্ৰ'ফাইনেঞ্চ সমূহৰ ওপৰত বিভিন্ন নেতিবাচক অভিযোগ উত্থাপিত হোৱাৰ সময়তে Arohan Financial Services Ltd. দেখুৱাইছে এক মহান আদৰ্শ। আজি  Arohan Financial services Ltd কলিয়াবৰ শাখাই বান পিৰিত এশঘৰ মানুহক চাউল চাৰি কিলোগ্ৰাম, আলু এক কিলোগ্ৰাম, পিয়াঁজ এক কিলোগ্ৰাম , নিমখ, তেল, বিস্কুট, চাবোনকে আদিকৰি বিভিন্ন সামগ্ৰী বিতৰণ কৰি শাখাৰ উপভোক্তা সকলৰ দুখৰ সমভাগী হয়।
বান সাহাৰ্য্য বিতৰণ কৰি শাখা পৰিচালক গৰাকীয়ে জনায় যে আমি কিছুদিন আগতেই বান সাহাৰ্য্য বিতৰণ কৰিব লাগিছিল যদিও শাখাৰ আটাইকেইজন সদস্যৰ কভিড প্ৰজিটিভ হোৱাৰ কাৰণে কিছু পলম হয়।

Post a Comment

Previous Post Next Post