গোৱালপাৰা ৪১ নম্বৰ কুমৰী গাওঁপঞ্চায়তত বৃহৎ কেলেংকাৰীৰ অভিযোগ। পি এম জি এনৰেগা আঁচনিৰ ঘৰ আবন্টনত স্বজন তোষণৰ অভিযোগ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে
আজি পাঁচ শতাধিক জনতাই পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পঞ্চায়ত সচিবৰ মইমতালি নচলিব, ঘৰ আবন্টনত স্বজন তোষণ নচলিব, ঘৰ দিয়াৰ নামত দুখীয়াৰ পৰা উৎকোচ লোৱাৰ বিচাৰ লাগে আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে । ইপিনে প্ৰায় ১২ বজালৈ পঞ্চায়ত কাৰ্যালয় বন্ধ হৈ থকাত উত্তেজিত হৈ পৰে উপস্থিত জনতাই। আধাৰ কাৰ্ড বনাবলৈ পঞ্চায়ত সচিবৰ চহী লাগে যদিও কেবাদিন ধৰি পঞ্চায়ত কাৰ্যালয়টোত কোনো ধৰণৰ কৰ্মচাৰী, সচিব উপস্থিত নথকাত জৰুৰী আধাৰ কাৰ্ড বনোৱাৰ পৰা বিৰত থাকিব লাগে পঞ্চায়তটোৰ বহু ভোটাৰ জনতাই । কুমৰী গাওঁপঞ্চায়তৰ অন্তৰ্গত কুমৰী, খুটামাৰী আদি গাঁৱৰ পাচশতাধিক জনতাই একত্ৰিত হৈ পঞ্চায়ত সভাপতি আৰু সচিবৰ ওপৰত ক্ষোভ উজাৰি কয় যে পঞ্চায়তৰ সভাপতি আৰু সচিবৰ বাবেই তিনিটাকৈ ইউনিটৰ দৰিদ্ৰ জনতাই চৰকাৰী ঘৰৰ পৰা বঞ্চিত হবলগীয়া হৈছে। যোৱা ১৮-১৯ বিত্তীয় বৰ্ষ আচনিৰ পি এম জে ৱাইৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ বাবে যি আবাস গৃহৰ জৰীপ কৰা হৈছিল তাত বিয়াগোম কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে । ঘৰৰ ধন আবন্টন দিবলৈ কুমৰী গাওঁপঞ্চায়তৰ বিষয়া সকলে জনৈক আলী উপাধিৰ কাৰ্যালয় চাফাই কৰ্মীৰ জড়িয়তে টকা লোৱা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে।

Tags
অসমীয়া বাতৰি