ৰজাঘৰৰ আশ্বাসত বন্দী জাঁজীমুখ, এখন দংলৰ সপোন বাস্তৱ হ’বনে জাঁজীমুখবাসীৰ ?
Teok :- আমাক এখন দলং লাগে..,এইবাৰ হ’ব ! এই দুশাৰী বাক্যতেই লুকাই আছে এক ভীষণ আশা বানে গৰকা জাঁজীমুখৰ৷ ৰজা যিমানে সলনি হয় আশ্বাসৰ ভঁড়ালো সিমানে চহকী হয়৷কিন্তু সপোন সপোন হৈয়ে ৰয় জনতাৰ৷ খৱৰ টীয়কৰ, এই যে নাওঁখন দেখিছে বিপদ সংকুল ভাৱে যে পাৰ হৈছে এখন নদী এয়াই জাঁজীমুখ৷ হয়, বানে ধোৱা জাঁজীমুখৰ এইখন এখন সহজ আৰু দৈনিক ছবি৷ জাঁজী আৰু বহ্মপুত্ৰৰ সংগম স্থলতেই অৱস্থিত এই পাৰঘাট৷ বছৰ বছৰ ধৰি এই সকল লোকে এনেকৈয়ে ভয়াবহ ভাবে পাৰ হয় নদীৰ বুকু৷ কিন্তু ৰজাঘৰৰ চকু নপৰে জনতাৰ এই দুৰ্দশা৷ প্ৰতিটো নিৰ্বাচনৰ আগত ৰাজনৈতিক নেতাৰ মুখত দলং বনোৱৰ আশ্বাস , ৰাজপাতত বহাৰ পাছত সকলো অসাৰ৷ বান, গৰাখহনীয়াত বিধ্বস্ত নৈপৰীয়া জাঁজীমুখৰ অন্যতম এক সমস্যা হ’ল এই পাৰঘাটত এখন দলংৰ অভাৱ৷নৈ সিপাৰৰ জপং, বৰমথাউৰি,শগুনপৰা, ৰূপহীমুখকে আদি কৰি প্ৰায় ১০/১৫ খন গাঁৱৰ ৰাইজৰ বহি:জগতৰে যোগাযোগৰ অন্যতম মাধ্যম এখন টুলুঙা নাও৷ ৰজাঘৰীয়াক আবেদন নিবেদন কৰি ভাগৰি পৰা এই সকল ৰাইজে, কন কন ছাত্ৰ-ছাত্ৰীয়ে নিতৌ বিপদসংকুল ভাৱেই এইদৰেই টুলুঙা নাৱেৰে পাৰ হয় ভৰা নৈৰ বুকু৷ আকৌ নিৰ্বাচন আহিব আকৌ প্ৰতিশ্ৰুতি আহিব সেয়ে এইবাৰ ৰাইজো সাজু, নিৰ্বাচনৰ আগত দলং নিৰ্মান ন’হলে অনাগত নিৰ্বাচনত ৰাজনৈতিক নেতাৰ প্ৰবেশ নিষিদ্ধ কৰাৰ হুংকাৰ জাঁজীমুখৰ ৰাইজৰ । এইসকল ক্ষোভিত জনতাক নিৰ্বাচনৰ প্ৰাক ক্ষণত কেনেদৰে সন্তুষ্ট কৰে সেয়া হব লক্ষ্যনীয়।
Tags
অসমীয়া বাতৰি