এখন মালবাহী ট্ৰাকক কেন্দ্ৰ কৰি উত্তপ্ত হাজো
দমদমাৰ পৰা হাজোলৈ গাড়ী খনে চিঙি আহিছে পথৰ ওপৰেৰে পাৰ হৈ যোৱা বহুকেইডাল বৈদ্যুতিক পৰিবাহী তাঁৰ ।
বিদ্যুত পৰিবাহী তাঁৰ পৰি আহত যুৱক ।
সেই সময়ত বিদ্যুত নথকাৰ বাবে সংঘটিত নহল অঘটন।
শক্তিবড়ীত খেদি খেদি ৰাইজে ধৰিলে দ্ৰুতবেগী ট্ৰাকখন।
সুৰাসক্ত ট্ৰাকচালকক আটক আৰক্ষীৰ, জব্দ কৰা হ'ল ট্ৰাক।
HR 55 - S - 9067 নম্বৰৰ ট্ৰাকখন আহি আছিল দিল্লীৰ পৰা তিনিচুকীয়ালৈ।
ট্ৰাকখনত আছে মাৰুতীৰ কেইবাখনো গাড়ী।
ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেটৰ বাবে হাজোৰে এতিয়া সঘন আহ-যাহ মালবাহী ট্ৰাকসমূহৰ।
Tags
অসমীয়া বাতৰি