meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> বিদ্যালয় খুলা প্ৰথম দিনটোতে টীয়কৰ নামচেচু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশ পথত তলা ওলমালে প্ৰতিবাদকাৰীয়ে

বিদ্যালয় খুলা প্ৰথম দিনটোতে টীয়কৰ নামচেচু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশ পথত তলা ওলমালে প্ৰতিবাদকাৰীয়ে

বিদ্যালয় খুলা প্ৰথম দিনটোতে টীয়কৰ নামচেচু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশ পথত তলা ওলমালে প্ৰতিবাদকাৰীয়ে

 




TEOK: ক’ৰোনা মহামাৰী ত্ৰাসত সমগ্ৰ দেশ তথা ৰাজ্যৰ শিক্ষানুষ্ঠান বন্ধ থকাৰ মাজতে চৰকাৰী বিশেষ নিদেশনা অনুসৰী আজি ২১ চেপ্টম্বৰ পৰা বিদ্যালয় খুলাৰ আৰম্ভ হৈছে ৰাজ্যত আৰু আজিৰ এই প্ৰথম দিনটোতে টীয়কৰ এখন বিদ্যালয়ৰ গেটত প্ৰতিবাদকাৰীযে ওলমালে তলা উল্লেখযোগ্য যে টীয়কৰ নামচেচু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় সচেতন ৰাইজে ষড়যন্ত্ৰমূলক ভাৱে বিদ্যালয়খনৰ প্ৰধান শিক্ষক অমল বৰুৱাক চাকৰিৰ পৰা নিলম্বন কৰাৰ অভিযোগ আনি প্ৰতিবাদ সাব্যস্ত কৰে আৰু বিদ্যালয়ৰ গেটত তলা বন্ধকৰি দিযে । ক'ৰোণা মহামাৰীৰ মাজতে আজিৰ পৰা বিদ্যালয়, মহাবিদ্যালয় সমূহৰ পাঠদান আৰম্ভ হ'ব বুলি ৰাজ্য চৰকাৰৰ শিক্ষাবিভাগে ঘোষণা কৰিছিল যদিও নামচেচু উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যালয় খোলাৰ প্ৰথম দিনটোতে উদ্ভৱ হৈছে এই অচলাৱস্থাৰ । চাৰিবছৰ পূৰ্বে ৰাজ্যিক ভিত্তিত গঠিত নিৰ্বাচক সমিতিয়ে অমল কুমাৰ বৰুৱাক বিদ্যালয় খনৰ প্ৰধান শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছিল । বৰুৱাই প্ৰধান শিক্ষক হিচাপে নিযুক্তি পোৱাৰ পাছৰে পৰা চাহ বাগিচা অধ্যুষিত বিদ্যালয়খনৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ উন্নয়নৰ বাবে কৰা অবদানৰ বাবে তেওঁ সকলোৰে আস্থা ভাজন হৈ পৰিছিল আৰু বিদ্যালয়খনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিল । কিন্তু এইগৰাকী অমল বৰুৱাক ক'ৰোণা মহামাৰীৰ বাবে বিদ্যালয় বন্ধ থকাৰ সময়তে চাকৰিৰ পৰা নিলম্বন কৰা কাৰ্যৰ বিৰুদ্ধে সৰব হৈ উঠিছে অঞ্চল বাসীৰ লগতে ছাত্র-ছাত্ৰী, অভিভাৱক সমাজ । পূৰ্বতে আটছাৰ টীয়ক উপ শাখাৰ উদ্যোগত বিদ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে শিক্ষা বিভাগৰ সঞ্চালকলৈ টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ যোগেদি স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও কোনো সঁহাৰি নোপোৱাত দীৰ্ঘদিনৰ মূৰত বিদ্যালয় খোলাৰ প্ৰথম দিনটোতে আটছাৰ উদ্যোগত তলাবন্ধ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ।

Post a Comment

Previous Post Next Post