meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> সামাজিক দূৰত্ব ধোৱাচাঁঙত তুলি হাজোত দেহাৰকুৰিহাত অনুষ্ঠিত হৈছে নাওঁ খেল

সামাজিক দূৰত্ব ধোৱাচাঁঙত তুলি হাজোত দেহাৰকুৰিহাত অনুষ্ঠিত হৈছে নাওঁ খেল

  সামাজিক দূৰত্ব ধোৱাচাঁঙত তুলি হাজোত দেহাৰকুৰিহাত অনুষ্ঠিত হৈছে নাওঁ খেল 



ভাৰতৰ পৰা স্থানান্তৰ কৰি ব্যয়বহুল IPL বৰ্তমান চলি আছে ডুবাইত | ভাৰতত মহামাৰী কৰোণাৰ ভয়াৱহতাৰ বাবে এই সিদ্ধান্ত লৈছে আয়োজকমণ্ডলীয়ে | ডুবাইত IPL চলিছে ঠিকেই, কিন্তু গেলেৰীত নাই কোনো দৰ্শক | একদম উকা গেলেৰী | কাৰণ কৰোণা | কিন্তু অসমৰ ক্ষেত্ৰত কিছু পৃথক | সামাজিক দূৰত্ব ধোৱাচাঁঙত তুলি হাজোত দেহাৰকুৰিহাত অনুষ্ঠিত হৈছে নাওঁ খেল | খেল চাবলৈ সহস্ৰাধিক দৰ্শকৰ ভিৰ |  প্ৰশাসনৰ কোনো অনুমতি নোলোৱাকৈ হাজোৰ দেহৰকুৰিহাত অনুষ্ঠিত হৈ এই নাওঁখেলখন | ভৈৰাতলা নৈত অনুষ্ঠিত নাওঁ খেল চাবলৈ ঘাটত সহস্ৰাধিক জনতাই ভিৰ কৰা দেখা গৈছে | নাওঁখেল চাবলৈ অহা দৰ্শকৰ মাজত নাই সামাজিক দূৰত্ব, পৰিধান কৰা নাই মাস্ক | শিশুৰ পৰা বৃদ্ধলৈ সকলো আহিছে নাও খেল উপভোগ কৰিবলৈ | কৰোণা সজাগতাৰ বাবে এইসকল লোকে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা | কোৰোণাক লৈ চৰকাৰে ঘোষণা কৰা নীতি-নিৰ্দেশনা এইসকল লোকৰ বাবেই ধোৱাচাঙত উঠিছে বুলি অভিযোগ উত্থাপন হৈছে |

Post a Comment

Previous Post Next Post