টীয়কত কৃষক মুক্তিৰ প্ৰতিবাদ
TEOK:কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা কৃষক নীতিক বিৰোধিতা কৰি যোৰহাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কায্যসূচী।৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত টীয়কৰ জগদুৱাৰত জ্বলালে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমৃত শ্বাহৰ প্ৰতিকৃতি।প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ।লগতে এই বিল বাতিল নকৰিলে ভৱিষ্যতে ইয়াতকৈও ভয়াবহ আন্দোলন কৰিব বুলি চৰকাৰক সকীয়াই দিয়াৰ লগতে আগন্তুক ২১ৰ বিধান সভাৰ নিৰ্বাচনত অসমত বিজেপিক পৰাভূত কৰিব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।
Tags
অসমীয়া বাতৰি