কামৰূপ জিলাৰ দদৰাস্থিত মেচাৰ্চ এল এন পি ভাৰত গেছ এজেঞ্চিত কামৰূপ জিলা যোগান বিভাগৰ অভিযান
কামৰূপ জিলাৰ দদৰাস্থিত মেচাৰ্চ এল এন পি ভাৰত গেছ এজেঞ্চিত কামৰূপ জিলা যোগান বিভাগৰ অভিযান। যোগান বিভাগৰ উপ সঞ্চালক মটিউৰ ৰহমান নেতৃত্বত এই অভিযান। দীৰ্ঘদিন ধৰি কামৰূপ জিলাৰ বিভিন্ন গেছ এজেঞ্চিত সমূহত অনিয়ম আৰু অসোৱাহ চলি থকাৰ অভিযোগ পোৱাৰ পিচতে কামৰূপৰ জিলাৰ যোগান বিভাগৰ এই তৎপৰতা। দদৰাৰ উক্ত এই গেছ এজেঞ্চিটোৱে চিলিণ্ডাৰ ক্ৰয় কৰা কোনো গ্ৰাহককে নিদিয়ে ৰচিদ। লগতে নিয়মিত গেছৰ চিলিণ্ডাৰ যোগান নধৰাৰ লগতে গ্ৰাহক হোম ডেলিভাৰী নকৰাৰ অভিযোগ গ্ৰাহকৰ ।
দদৰাস্থিত মেচাৰ্চ এল এন পি ভাৰত গেছ এজেঞ্চিটোৱে কলা বজাৰতো গেছ চিলিণ্ডাৰ বিক্ৰি কৰাৰ অভিযোগ । যোৱা ৰবিবাৰে হাজোৰ মনাহকুছিত এই এজেঞ্চিটোৱে কলা বজাৰত বিক্ৰি কৰা কেইবাটাও চিলিণ্ডাৰ জব্দ কৰা বুলি অভিযানকাৰী বিষয়াই জানিবলৈ দিছে ।
এই অভিযানত মেচাৰ্চ এল এন পি ভাৰত গেছ এজেঞ্চিৰ বিভিন্ন নথি পত্ৰ, ঘৰুৱা গেছ ভৰ্তী চিলিণ্ডাৰ ৪৩৭, খালি গেছ চিলিণ্ডাৰ ২৬৮ টা, ব্যৱসায়ীক ভৰ্তী গেছ চিলিণ্ডাৰ ৩ টা আৰু খালী গেছ চিলিণ্ডাৰ ৩৭ জব্দ কৰা হয় । অভিযানৰ অন্তত গেছ এজেঞ্চিটো চিল কৰাৰ লগতে অনিদিষ্ট সময়লৈকে বন্ধ ৰখাৰ নিৰ্দেশনা কামৰূপ যোগান বিভাগৰ ।