গোৱালপাৰাত কোৰ'নাত আক্ৰান্ত হৈ এটি তিনি বছৰীয়া শিশুৰ মৃত্যু
গোৱালপাৰা জিলাৰ খানখোৱা চৰৰ মোন্নাফ মোল্লা নামৰ ব্যক্তিগৰাকীৰ প্ৰায় তিনি বছৰীয়া কন্যা শিশুৰ শুক্ৰবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত ক'ভিড - ১৯ ( ৰেপিট ) পৰীক্ষাৰ ফলাফলত কোৰ'নাৰ উপস্থিতি ধৰা পৰাৰ পাছতেই মৃত্যু ঘটে।
জানিব পৰা মতে চাৰি/পাঁচ দিন মান আগতে শিশুটি চকীৰ পৰা পৰি গৈ মুৰৰ পাছফালে দুখ পায় যদিও ঘৰতে ৰাখি জঁৰা-ফুকা কৰে , ফলত শিশুটিৰ স্বাস্থ্য অৱনতি ঘটাত চিকিৎসাৰ বাবে গোৱালপাৰা চহৰত উপস্থিত হৈ চহৰখনৰ বাপুজীনগৰত থকা "কোভিড -১৯ পৰীক্ষাৰ বাবে খেখাৰ সংগ্ৰহ কেন্দ্ৰ" ত কোভিড -১৯ পৰীক্ষা কৰায় ।পৰীক্ষাৰ ক্ষন্তেক পিছতে কোভিড ৰিজাল্ট প'জিটিভ বুলি নিশ্চিত হয় ।
আনফালে মৃত শিশুটিৰ দেহত কোৰ'না উপস্থিতি ধৰা পৰে যদিও মাক-বাপেকৰ ফলাফল নেগেটিভ বুলি জানিব পৰা গৈছে ।।

Tags
অসমীয়া বাতৰি