গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত কলিতা জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ সংবাদমেল
গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত কলিতা জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ সংবাদমেল । সংবাদমেলত বিজেপি চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠে সদৌ অসম কলিতা জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ সভাপতি অনুপল দত্ত পাঠকে ।১০ ডিচেম্বৰলৈ সময়সীমা । ১০ ডিচেম্বৰৰ ভিতৰত যদি প্ৰাগজ্যোতিষপুৰ স্বায়ত্ব শাসিত পৰিষদ ঘোষণা নকৰে তেন্তে ১১ ডিচেম্বৰৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তোলা হব বুলি হুংকাৰ দিয়ে । কেৱল আন্দোলনে নহয় বিজেপি চৰকাৰক ওফৰাবলৈ ৰাজনৈতিক ভাৱে চিন্তা চৰ্চা কৰিব।কিয়নো কলিতা জনগোষ্ঠীৰ শিৰে শিৰে প্ৰৱাহিত হৈ আছে ৰজা ভগদত্ত আৰু ভাস্কৰ বৰ্মনৰ তেজ। সকলো জনগোষ্ঠীৰ সৈতে একত্ৰিত হৈ বিজেপি চৰকাৰক ওফৰাবলৈ সক্ষম হব বুলি সংবাদমেলত সদৰী কৰে ।অসমৰ ৩০ টা সমষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে কলিতা জনগোষ্ঠীয় ।তাৰোপৰি চৰকাৰে ঘোষনা কৰা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ কলিতা জনগোষ্ঠীৰে ধৰি অন্যান্য জনগোষ্ঠীৰ অধিকাৰ যাতে খৰ্ব নহয় তাৰ বাবেও সকিয়নী দিয়ে ।অসমৰ অনুসূচিত জাতি, জনজাতিৰ সংৰক্ষিত উঠাই দি সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত কৰিব লাগে বুলি দাবী উত্থাপন কৰে ।কোৰোনা আতংকৰ মাজত নিজৰ জীৱন তুচ্ছ কৰি কৰ্তব্য পালন কৰা সাংবাদিকৰ বাবে ৫০ হেজাৰ টকাকৈ দিয়াৰ বাবে চৰকাৰক দাবী জনায় ।ইপিনে গোৱালপাৰাৰ ঐতিহ্যমণ্ডিত পাগলাটেক মন্দিৰ আৰু বৰভিটাৰ সোনাৰী মন্দিৰৰ মাটি বেদখলমুক্ত কৰাৰ দাবী জনায় ।

Tags
অসমীয়া বাতৰি