গোৱালপাৰাত মূখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে উত্তাল প্ৰতিবাদ: এছ আই পৰীক্ষাৰ তদন্তৰ নিৰ্দেশক ভোকোঁভাওনা আখ্যা আছুৰ :
গোৱালপাৰা জিলা ছাত্ৰসন্থাই আজি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।কাৰ্যসূচীৰ জড়িয়তে অসম চৰকাৰ হায় হায়, নিবনুৱা সকলকলৈ হেতালি খেলা নচলিব, অসম চৰকাৰ কাম নাই ,গৃহ বিভাগ হায় হায় আদি চৰকাৰ বিৰোধী শ্লোগানৰে চহৰৰ খনৰ আকাশ-বতাহ মুখৰিত কৰি তোলে ।উল্লেখ্য যে ৫৯৭ টা আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পদৰ বাবে ৰাজ্যজুৰি অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবেই আধাতে পৰীক্ষা বাতিল কৰে আৰু তদন্ত ঘোষণা কৰে চৰকাৰে।শেহতীয়া ভাৱে মূখ্যমন্ত্ৰী সোনোৱালৰ কাঢ়া নিৰ্দেশত আৰম্ভ হোৱা চি আই ডিৰ তদন্তক ভেকোঁভাওনা আখ্যা দি সদৌ অসম গোৱালপাৰা জিলা ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক বেদান্ত ক্যাশপে কয় যে বিগত দিনৰ পি এন আৰ ডিৰ তদন্ত প্ৰতিবেদন আজিলৈ প্ৰকাশ নাপালে ।এপিডিচিএল আৰু জলসিঞ্চন বিভাগত নিযুক্তিৰ বাবে হোৱা পৰীক্ষা সমূহৰ ফলাফল দিয়াত ব্যৰ্থ হোৱা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁতৰ চৰকাৰ খনে বিশলাখ নিবনুৱাক চাকৰি দিয়া দূৰৰ কথা বিশ হাজাৰ নিবনুৱাক চাকৰি দিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ কৰি নিবনুৱাক লৈ হেতালি বন্ধ কৰক বুলি চৰকাৰক তীব্ৰ ভাষাৰে সকিয়নি প্ৰদান কৰে নেছাত্ৰনেতা গৰাকীয়ে ।
Anisul Zaman, Goalpara
Tags
অসমীয়া বাতৰি