গোৱালপাৰাৰ বিশিষ্ট সমাজ সেৱীকা তাপশী দেৱীৰ মৃত্যু:

গোৱালপাৰাৰ বিশিষ্ট সমাজ সেৱীকা তাপশী দেৱীৰ মৃত্যু:


 





 গোৱালপাৰা জিলাৰ জ্যেষ্ঠ কংগ্ৰেছী তথা প্ৰাক্তন পৌৰ আয়ুক্তা তাপশী দেৱীৰ গুৱাহাটীৰ মালিগাঁওস্থিত থকা ছোৱাগত হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।জানিব পৰা মতে যোৱা কিছু দিনৰ পৰা Low blood presure, sugar আদি বেমাৰত চিকিৎসা লৈ থকা সময়তে যোৱা সন্ধিয়া ৫:২৬ বজাত এই সংসাৰৰ মায়া এৰি স্বর্গগামী হয়।উল্লেখ্য যে তাপশী দেৱীয়ে গোৱালপাৰা চহৰৰ ২ নং ৱাডৰ প্ৰাক্তন পৌৰ আয়ুক্তাৰ লগতে বৰ্তমান সময়ৰ অসম প্ৰদেশ কংগ্ৰেছৰ ও বি চি মৰ্চাৰ ৰাজ্যিক উপ-সভানেত্রীৰ লগতে কেবাটাও সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। তেওঁৰ মৃত্যুৰ খবৰ চাৰিওফালে বিয়পি পৰাত তেওঁৰ বাসভৱনত আত্মীয় স্বজনৰ লগতে বহু গুণমুগ্ধৰ আগমন হয়।তেওঁৰ নশ্বৰ দেহ ঘৰলৈ অহালৈ সকলোৱে অপেক্ষাত থাকে আৰু আজি পুৱা ১০ বজাত মৃত্যু দেহ গোৱালপাৰা জিলা কংগ্ৰেছৰ কাৰ্যালয়লৈ নিয়া হয়।কংগ্ৰেছ কাৰ্যালয়ত তেখেতক বিভিন্ন জনে পুষ্পঞ্জলি জনোৱাৰ শেষত জিলা কংগ্ৰেছৰ সভাপতি আব্দুছ ছামাদৰ সভাপতিত্বত এখনি শোক সভা অনুষ্ঠিত হয় উক্ত সভাত পূৱ গোৱালপাৰাৰ বিধায়ক এ কে ৰশিদ আলোমৰ লগতে জ্যেষ্ঠ অধিবক্তা আমজাদ আলীকে ধৰি শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।ইপিনে তেওঁ গঢ়ি থৈ যোৱা কেবাটাও ব্যৱসায়ী প্ৰতিষ্ঠান দুৰ্গমন্দিৰৰ জয় চুৰীয়া মাৰ্কেট,গোৱালপাৰা নাথ "শ্বো" মিল আদিত মৃত্যু দেহ লৈ যোৱা হয়।শেষত দুপৰীয়া এক বজাত মৃতদেহ গোৱালপাৰা চহৰ ভূতনাথ স্বশানত শেষ কাৰ্য্য সম্পূৰ্ণ কৰে। তেওঁৰ মৃত্যুত ভাতৃ ৰিতম নাথ,ভন্টি মানশী দেৱীৰ লগতে  হেজাৰ হেজাৰ গুণমুগ্ধৰ মাজত শোকৰ ছাঁ পৰে।

Anisul zaman goalpara

Post a Comment

Previous Post Next Post