meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> অসম চাহ মজদুৰ সংঘৰ কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত

অসম চাহ মজদুৰ সংঘৰ কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত

 অসম চাহ মজদুৰ সংঘৰ কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত


 

আজি অসম চাহ মজদুৰ সংঘই কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা আৰু শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ দাবীত কলিয়াবৰত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ মজদুৰ সংঘই ৷ চাহ মজদুৰ সংঘৰ শ্ৰমিক সকলে অভিযোগ কৰে যে ৰাজ্য বিজেপি চৰকাৰখনৰ শাসনলৈ আহাৰ লগে লগে শ্ৰমিকসকলৰ এইসমূহ সমস্যা সমাধান কৰিম বুলি কথা দিছিল যদিও আজিও সেইখিনি সম্পাদন নহ’ল ৷ শ্ৰমিকসকলক কেৱল নিৰ্বাচনৰ সময়তহে সকলোৱে ব্যৱহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ কৰে অসম চাহ মজদুৰ সংঘই ৷ আনহাতে শ্ৰমিকৰ এইসমূহ দাবী প্ৰতি যদি চৰকাৰে কোনো সন্মতি নজনাই তেতিয়া আগন্তুক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি সংগঠনটোৱে মত পোষন কৰে ৷

Post a Comment

Previous Post Next Post