টীয়কৰ বিভিন্ন স্থানত কৰোণা সজাগতা সভা, বিতৰণ কৰিলে মাস্ক,ছেনিটাইজাৰ
TEOK:ৰেঙনি এটি আশাৰ উদ্যোগত অৰ্ণদা ছোচিঅ'ইকনমিক হেলথ এছোচিয়েছনৰ সহযোগত টীয়কৰ তামূলীচিগা দুলীয়া গাঁৱৰ নামঘৰত মহামাৰী কৰোণাৰ সন্দৰ্ভত এক সজাগতাৰ সভা আয়োজন কৰা হয়।উক্ত সভাত কৰ্কট ৰোগ বিশেষজ্ঞ টীয়কৰে সন্তান ডা: যদুনাথ বুঢ়াগোহাঁই,যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰিজু কুমাৰ শইকীয়া উপস্থিত থাকি কৰোণাৰ পৰা পৰিত্ৰাণ পাবলৈ উপস্থিত ৰাইজক পৰামৰ্শ আগবঢ়ায়।উক্ত সভাত দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী বিশেষভাৱে উপস্থিত থাকি আধ্যাত্মিকতা ভাৱধাৰাৰ মাজেৰে স্বাস্থ্য সম্বন্ধীয় সজাগতাৰ ওপৰত মন্তব্য আগবঢ়ায় ।এই সভাতে উদ্যোক্তাসকলে প্ৰতিজন উপস্থিত ৰাইজক এটাকৈ ছেনিটাইজাৰ,একোখনকৈ মাস্ক আৰু সমাজকৰ্মী মনজিৎ শৰ্মাই আগবাঢ়োৱা এটাকৈ ভিটামিন ঔষধৰ বটল বিনামূলীয়াকৈ বিতৰণ কৰে।ইপিনে টীয়ক সেৱা ভাৰতীৰ উদ্যোগত টীয়কৰ কাকজান সোণাৰী গাঁৱতো প্ৰায় দুই শতাধিক মহিলাৰ মাজত বিনামূলীয়াকৈ মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে ডা: যদুনাথ বুঢ়াগোহাঁইৰ সহযোগত।লগতে কৰোণা তথা কৰ্কট ৰোগৰ সম্পৰ্কে এখন সজাগতা সভাৰ আয়োজন কৰা হয়।চিকিৎসা সেৱাৰ লগত জড়িত হৈয়ো দৈনিক ব্যস্ততাৰ মাজতো মহামাৰী তথা দুৰাৰোগ্য ৰোগৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি তাৰ সজাগতা আনিবলৈ ৰাইজৰ মাজত এনেদৰে উপস্থিত হোৱাৰ বাবে সকলোৱে ধন্যবাদ জনাইছে বিশিষ্ট চিকিৎসকগৰাকীক।
Tags
অসমীয়া বাতৰি