হাউলীত ধন দাবীৰ অভিযোগত ৫ জন যুৱকক আটক
২২ ছেপ্টেম্বৰ: হাউলীত ধন দাবীৰ অভিযোগত পাচজন যুৱকক কালি নিশা হাউলী আৰক্ষীয়ে আটক কৰে । আটকাধীন যুৱক কেইজন ক্ৰমে ভাস্কৰ দাস, প্ৰসেনজিৎ সাহা, সুব্ৰত বসাক, প্ৰসেনজিৎ দাস আৰু নিতাই শীল ৷ যুৱক কেইজনে হাউলী ব্যৱসায়ী বাপ্পা সাহা নামৰ ব্যৱসায়ী এজনৰ ব্যক্তিগত ভিডিঅ’ সংগ্ৰহ কৰি ওৱাটচপ যোগে পঠিয়াই ৫ লাখ টকা দাবী কৰিছিল ৷ কিন্তু কালি নিশা দাবী কৰা ধনৰ ২ লাখ টকা নিবলৈ অহাত নিশা টকা নিবলৈ অহাৰ সময়তে হাতে-লোটে হাউলী আৰক্ষীয়ে দুজন যুৱকক আটক কৰে । পিছত এই দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত আন তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ আনহাতে, এইয়াৰ লগত জড়িত আন এজন যুৱক মহিবুল হক এতিয়াও পলাতক আছে ।
Tags
অসমীয়া বাতৰি