হাজোৰ এখন মৰনফান্দ সদৃশ জৰাজীৰ্ণ দলং
গাঁঠিৰ ধন ভাঙি বছৰে বছৰে মেৰামতি কৰি আহিছে স্হানীয় ৰাইজে।ভুক্তভোগী ৰাইজৰ হুংকাৰ ,আগতে দলং বনাওক,নহলে সমাগত নিৰ্বাচনত আমি ভোট নিদিওঁ।
ৰঙিয়া মহকুমাৰ দক্ষিণ দিশৰ আৰু হাজো সমষ্টিৰ উত্তৰ দিশৰ ১নং ধুহি,হুৰমাবড়ি,লৰমা গৌৰহাটী,চতমা বাঠান সংযোগী বৰলীয়া নৈৰ ওপৰৰ এখন ভগ্ন দলঙে ৰাইজক বছৰ বছৰ ধৰি যন্ত্ৰণা ভোগাই আহিছে৷ পৰিবৰ্তনশীল চৰকাৰৰ কাৰ্য্যকালো প্ৰায় শেষ হোৱাৰ পথত৷তথাপিও উন্নয়নৰ শ্লোগান দিয়া চৰকাৰ খনৰ চকুত পৰা নাই এই জৰাজীৰ্ণ দলংখন৷সময়ে সময়ে দুই এজন গড়কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰীও ৰাইজক পতিয়ন নিয়াবলৈ চাই যায় দলংখন আৰু দি যায় মিচা প্ৰতিশ্ৰুতি ঠিকাদাৰেও জোখমাখ লোৱাৰ ভাওঁনা দেখুৱাইছে বহুবাৰ ৷মাত্ৰ দলংখনহে হয় নুঠে ৷ৰাইজে নেদেখা জনক স্মৰণ কৰি পাৰ হৈ আছে দলংখন৷উপায়ন্তৰ হৈ আক্ষেপ কৰি কৈছে আমাক দলং দিয়ক,নহলে ভোট নিদিওঁ৷শূন্য সহনশীলতা গ্ৰহন কৰা চৰকাৰ খনৰ কানত পৰিব নে এইসকল ৰাইজৰ মৰন কাতৰ আৰ্ত্তনাদ ৷একাংশই আকৌ প্ৰশ্ন কৰিছে সমাগত নিৰ্বাচনৰ আগতে দলংখন হৈ উঠিব নে ? নে এনেকৈ মৰনত শৰন দি পাৰ হব লাগিব অঞ্চলটোৰ ৰাইজ, তথা ছাত্ৰ ছাত্ৰী সকল৷

Tags
অসমীয়া বাতৰি