জম্মু কাশ্মীৰত অসমৰ CRPF জোৱানৰ মৃত্যু
৩৩নং ৰেজিমেণ্টৰ জম্মুৰ ডোধা জিলাৰ বডোৱাৰাত উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল জোৱানজন। নিজৰ ছাৰ্ভিচ ৰাইফলৰ গুলী বুকুত লাগি মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে বিভাগীয় কৰ্তৃপক্ষই ।জোৱানজন নগাঁও জিলাৰ কলিয়াবৰ তিনিআলিৰ অমৃত বৰদলৈ। দুবছৰৰ পূৰ্বে ঘৰলৈ আহিছিল জোৱানজন। বুধবাৰে পুৱা ৬ বজাত অমৃত বৰদলৈয়ে ভিডিঅ’ কলৰ জৰিয়তে পৰিয়ালৰ লগত হাঁহি হাঁহি কথা পাতিছিল লগতে কৈছিল অতি সোনকালে ঘৰলৈ আহিম বুলি আৰু প্ৰায় ৯ বজাত কাশ্মীৰস্থিত সেনা কাৰ্যালয়ৰ পৰা ফোনযোগে পৰিয়ালক জানিবলৈ দিয়ে যে অমৃত বৰদলৈৰ নিজৰ ছাৰ্ভিচ ৰাইফলৰ গুলী বুকুত লাগি মৃত্যু হয় বুলি। বৃহস্পতি বাৰে নিশা 11 বজাত নিজ গৃহত উপস্থিত হয় অমৃত বৰদলৈৰ নশ্বৰ দেহ । ২৬ বছৰ ধৰি CRPFত কৰ্মৰত আছিল অমৃত বৰদলৈ। অমৃত বৰদলৈয়ে এৰি থৈ যায় পত্নীসহ এটি কণমানি ল’ৰা আৰু এটি কণমানি কন্যা সন্তানক।

Tags
অসমীয়া বাতৰি