টীয়কৰ বেচৰকাৰী সংস্থা সুবাসৰ আদৰণীয় পদক্ষেপ

 টীয়কৰ বেচৰকাৰী সংস্থা সুবাসৰ আদৰণীয় পদক্ষেপ




TEOK:টীয়কৰ অন্যতম অৰাজনৈতিক বেচৰকাৰী সংস্থা সুবাসৰ উদ্যোগত আজি টীয়কৰ কেইবাগৰাকীও বিশেষ ব্যক্তিক সাধ্য অনুসৰি কিছু আৰ্থিক সাহাৰ্য আগবঢ়োৱা হয়।সন্থাটোৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি বিষয়ববীয়া তথা শুভাকাংক্ষী বৃহত্তৰ টীয়ক অঞ্চলৰ বাহ্মণ গাঁৱৰ অতি দৰিদ্ৰ বৃক্ক ৰোগত গুৰুতৰভাবে অসুস্থ মণি শৰ্মা,মেলেং বালিচাপৰি দ গাঁৱৰ বৃক্ক ৰোগী বিকাশ শৰ্মা, লাহদৈগড় দলৈ গাঁৱৰ দুৰ্ঘটনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত তপন বৰাক ১০০০০ টকাকৈ আৰু কাকজান বাম কুকুৰাচৰা অঞ্চলৰ মেধাবী ছাত্ৰী তথা শাক পাচলিৰ ব্যৱসায় কৰি আদৰ্শ দাঙি ধৰা ৰীতামণি বৰাক ২০০০০ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰি মানৱতাৰ পৰিচয় দাঙি ধৰিছে।লগতে অনাগত দিনতো এনেদৰে বিপদত আৰ্তসকলৰ কাষত থিয় হৈ কায়িক মানসিক তথা অৰ্থিকভাৱে সকলো সময়তে সহায়ৰ হাত আগবঢ়াই যাব বুলি সংকল্পবদ্ধ হৈছে।সুবাসৰ এই পদক্ষেপক এতিয়া সকলোৱে আদৰণি জনাইছে।

Post a Comment

Previous Post Next Post