বিজেপিৰ গতি স্তব্ধ কৰিবলৈ হাজোৰ বৰ্ণিত আঞ্চলিক গণ মৰ্চাৰ নিৰ্বাচনী কুচ-কাৱাজ
২০২১ৰ বিধান সভা নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰ আহ্বান গণ মৰ্চাৰ । স্বেচ্ছাচাৰী শাসন চলোবা ,ৰাজহুৱা সম্পত্তি বিক্ৰী কৰা নাৰী ধৰ্ষণ কাৰীক ৰক্ষানা ব্যক্ষনা দিযা বিজেপি চৰকাৰক ২০২১ৰ বিধান সভাৰ নিৰ্বাচনত উৎখাত কৰাৰ আহ্বান জনাই মীৰা বৰঠাকুৰে।
আনহাতে ধৰ্মনিৰপেক্ষতাৰ নামত বিজেপি RSSক ৰাজনীতি কৰিবলৈ দিয়া নহ'ব বুলি কয় সাংবাদিক মনজিত মহন্তই। বিজেপি আৰু আৰ এছ এছক ২০২১ত একেটা আলুৰ বষ্টাত ভৰাই ব্ৰহ্মপুত্ৰত দলিয়াই দি অসমৰ পৰা উৎখাত কৰাৰ হুংকাৰ দিয়ে মহন্তই ।
ইফালে সাংসদ অজিত কুমাৰ ভূঞাই সভাত আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । আনহাতে আজমলৰ সভাত আৰৱী আৰু উৰ্দু ভাষাত বেনাৰ লিখা সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাই গৰিহণা দিয়ে ।
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতাসকলৰ আৰম্ভ হৈছে ইজনে সিজনক আক্ৰমণ কৰাত ।