অৱশেষত জালত পৰিল পি কে দত্ত
SI কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড পি কে দত্ত অৱশেষত জালত পৰিল ৷
ভাৰত- নেপাল সীমান্তৰ কাকৰভিটাত গ্ৰেপ্তাৰ কুখ্যাত অৱসৰপ্ৰাপ্ত আৰক্ষী উপ- মহাপৰিদৰ্শকজন।
আত্মসমৰ্পণৰ বাবে গুৱাহাটীলৈ আহি থকাৰ সময়তে উত্তৰ বংগ আৰক্ষীৰ বিশেষ শাখা (চোৰাংচোৱা সংস্থা)ই অসম আৰক্ষীৰ তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে ।
প্ৰশ্নকাকত ফাদিলৰ ঘটনাত নাম সাঙোৰ খাই পৰাৰ পাছৰে পৰা অভিযুক্ত দত্তই আত্মগোপন কৰে নেপালত।
সহযোগী দিলীপ গগৈ ওৰফে ভাইৰ সহযোগত যোৱা ২৩ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা স্থলপথেৰে পলায়ন কৰিছিল দত্তই।
আয় বহিৰ্ভূত সম্পত্তি সম্পৰ্কত প্ৰৱৰ্তক সঞ্চালকালয় (ই ডি)য়ে গোচৰ ৰুজু কৰাৰ পাছতে আত্মসমৰ্পনৰ বাবে অভিযুক্ত দত্তই মধ্যস্থতাকাৰীৰে আৰক্ষীৰে যোগাযোগ কৰে।
ধৃত দত্তক অনাৰ বাবে পশ্চিম বংগলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ দল।
ভাৰত-নেপাল সীমান্তৰ প্ৰব্ৰজন কেন্দ্ৰত পুত্ৰ ঈশান দত্ত আৰু জোৱায়েক সুজানো ধৃত দত্তৰ লগতে আছে ।