হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ বাৰ্ষিক সাধাৰণ সভা
১৩ অক্টোবৰ : ৯২ সংখ্যক হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ বাৰ্ষিক সাধাৰণ সভা খন অহা ১৭ আৰু ১৮ অক্টোবৰত অনুষ্ঠিত কৰা হব। হাউলী ৰাস মন্দিৰ প্ৰাংগণত দুয়ো দিন পুৱা ১০ বজাত অনুষ্ঠিত হব লগা সভাত ৰাইজৰ সহায় সহযোগিতা উদযাপন সমিতিয়ে কামনা কৰিছে।উল্লেখ্য যে ১৭ অক্টোবৰ শনিবাৰে আয় ব্যয়ৰ হিচাপ দাখিল কৰা হব আৰু ১৮ অক্টোবৰ ৰবিবাৰে নতুন সমিতি গঠন কৰা হব। উক্ত সভাতে আগন্তুক হাউলী ৰাস মহোৎসৱ প্ৰশাসনৰ নিতি নিৰ্দেশনা অনুযায়ী কেনেদৰে উদযাপন কৰিব এই বিষয়ে সবিশেষ আলোচনা কৰা হব।
Tags
অসমীয়া বাতৰি