বৰপেটাৰ ২৮৩ পৰিয়ালক মাটিৰ পট্টা প্ৰদান

বৰপেটাৰ ২৮৩ পৰিয়ালক মাটিৰ পট্টা প্ৰদান

 


 


 ৰাজ্য চৰকাৰে ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰাৰ বাবে কালি ৰাজ্যজুৰি গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটা জিলাত ২৮৩ টা পৰিয়ালৰ মাজত পট্টা বিতৰণ কৰা হয়। এই উপলক্ষে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এটি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি হাউছফেডৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে কয় যে, আজিৰ দিনটো ৰাজ্য খনৰ বাবে এটা ঐতিহাসিক দিন। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে জাতি ভেটি মাটি ৰক্ষাৰ যি প্ৰতিশ্ৰুতি দিছিল তাৰেই অংশ হিচাবে এক লাখ ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰি সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিলে। তেওঁ ৰাজ্য চৰকাৰে জিলা খনত হাতত লোৱা বিভিন্ন অভিলাষী আঁচনি সমূহৰ বিষয়েও উল্লেখ কৰে।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই আতঁধৰা সভাখনত বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসেও চমু ভাষণ দি চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। সভাৰ আৰম্ভণীতে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আদৰণী ভাষণ দিয়ে। তেওঁ কয় যে ৰাজ্য চৰকাৰৰ তাগিদাৰ ফলতেই বৰপেটা জিলাত প্ৰথম পৰ্যায়ত যোৱা জানুৱাৰী মাহত ৯২৭ টা পৰিয়ালক পট্টা দিয়া হৈছিল। কালি দ্বিতীয় পৰ্যায়ত ২৮৩ টা পৰিয়ালক দিয়া হৈছে। পৰবৰ্তী পৰ্যায়ত আৰু অধিক সংখ্যক লোকক পট্টা দিয়া হব বুলি তেওঁ উল্লেখ কৰে। সভাত অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাস আৰু অসম শক্তি উৎপাদন প্ৰতিষ্ঠানৰ অন্যতম সঞ্চালক শংকৰ চন্দ্ৰ দাসো উপস্থিত থাকে। শলাগৰ শৰাই আগবঢ়াই অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে।


Post a Comment

Previous Post Next Post