বৰপেটাৰোড চৰকাৰী চিকিৎসালয়ত অঘটন:: একেদিনাই ৩ প্ৰসূতিৰ মৃত্যু
বৰপেটাৰোড চৰকাৰী চিকিৎসালয়ত আজি একেদিনাই ৩ জনীকৈ প্ৰসূতিৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে চিজাৰিয়ান কৰি প্ৰসৱ কৰাৰ বাবে আজি তিনিজনী প্ৰসূতিক অস্ত্ৰোপচাৰ কক্ষত ভৰ্ত্তি কৰা হৈছিল ৷ প্ৰসূতি কেইগৰাকী হৈছে - যোশীহাটী হাতীজানাৰ আজমীনা খানম ( ২২), সৰভোগৰ পাপৰি কলিতা (২২) আৰু মইনামাতাৰ অনুৰাধা শৰ্মা (২৩) ৷ তেওঁলোকৰ আটাই কেইজনৰ অস্ত্ৰোপচাৰ ডাঃ পৰেশ কলিতা, ডাঃ অৰূপ কলিতা আৰু ডাঃ মনোজ চৌধুৰীয়ে সুকলমে সম্পন্ন কৰি প্ৰসৱ কৰায় ৷ তাৰে পিছৰে পৰা কঁপি কঁপি তেওঁলোকৰ অৱস্থা বেয়াৰ ফাললৈ যোৱাত তেওঁলোকক বৰপেটালৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও তেওঁলোকৰ ইতিমধ্যে মৃত্যু হয় ৷ কিহৰ বাবে এনেকৈ একেদিনাই তিনিজনীকৈ প্ৰসূতিৰ মৃত্যু হ’ল সেয়া জানিব বিচৰাত চিকিৎসালয়খনৰ উপ-অধীক্ষক ডাঃ সঞ্জীৱ সৰকাৰে এয়া চিকিৎসকৰ গাফিলতিৰ বাবে নহয় বুলি মন্তব্য কৰি ঔষধৰ বাবেহে হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে ৷