কলিয়াবৰত অৰুনোদই আঁচনিৰ নাম তালিকাত ব্যাপক খেলি মেলি

 কলিয়াবৰত অৰুনোদই আঁচনিৰ নাম তালিকাত ব্যাপক খেলি মেলি 



প্ৰকৃত হিতাধিকাৰী ক বঞ্চিত কৰি স্বজন প্ৰীতি আৰু মিত্ৰজোঁটৰ শাসকীয় দলীয় ৰ সদস্যক আঁচনিৰ তালিকাভুক্ত কৰাৰ অভিযোগ । কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মাজ পূবথৰিয়া গাওঁ পঞ্চায়ত আৰু উত্তৰ-পশ্চিম পূবথৰিয়া গাঁও পঞ্চায়তটো অৰুনোদই আঁচনি তালিকা প্ৰস্তুতৰ নামত চৰম অনিয়ম ৰ অভিযোগ উঠিছে। তালিকাত নাই বহু বিধবা , বিয়া নোহোৱা মহিলাৰ নাম । আনকি দিবাংগ দৰিদ্ৰ মহিলাকো এই আঁচনিৰ পৰা কৰা হল বঞ্চিত । প্ৰকৃত হিতাধিকাৰী ক বঞ্চিত কৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি পঞ্চায়ত কাৰ্যালয়টোত প্ৰতিবাদ জনাই বঞ্চিত হিতাধিকাৰী সকলে । আৰু ৰাইজে তলা লগাই বন্ধ কৰি দিয়ে উত্তৰ-পশ্চিম পূবথৰিয়া গাঁও পঞ্চায়তটো ।

Post a Comment

Previous Post Next Post