চৰকাৰী চাকৰিত নাথাকিব মৌখিক সাক্ষাৎকাৰ:: কেন্দ্রীয় চৰকাৰে সমাপ্ত কৰিলে দেশজুৰি সাক্ষাৎকাৰৰ পদ্ধতি

 চৰকাৰী চাকৰিত নাথাকিব মৌখিক সাক্ষাৎকাৰ:: কেন্দ্রীয় চৰকাৰে সমাপ্ত কৰিলে দেশজুৰি সাক্ষাৎকাৰৰ পদ্ধতি


 

দেশৰ ২৩ খন ৰাজ্য আৰু ৮ খন কেন্দ্রীয় শাসিত প্রদেশলৈ কেন্দ্রীয় চৰকাৰে এক  নির্দেশনা জাৰি কৰি প্ৰকাশ কৰিছে যে এতিয়াৰে পৰা ৰাজ্য আৰু কেন্দ্রীয় শাসিত প্রদেশসমূহত চৰকাৰী চাকৰিত নাথাকিব মৌখিক সাক্ষাৎকাৰ । অর্থাৎ সাক্ষাৎকাৰৰ পদ্ধতি উঠাই লৈছে কেন্দ্রীয় চৰকাৰে ।  যিটো দেশৰ কোটি কোটি নিবনুৱাৰ বাবে এক সুখবৰ । কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙে প্ৰকাশ কৰিছে যে দেশৰ ২৩ খন ৰাজ্য আৰু ৮ খন কেন্দ্রীয়শাসিত প্রদেশত চৰকাৰী চাকৰি নিযুক্তিৰ সময়ছােৱাত হােৱা সাক্ষাৎকাৰ পদ্ধতি সমাপ্ত কৰা হৈছে ।

প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ২০১৫ ৰ স্বাধীনতা দিৱসত ঘােষণা কৰিছিল যে চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাৰ হ'বলগীয়া সাক্ষাৎকাৰ পদ্ধতি নাইকিয়া কৰিবলৈ তেওঁলােকে পদক্ষেপ গ্রহণ কৰিছে । লিখিত পৰীক্ষাৰ ভিত্তিতেই চাকৰি লাভ কৰিব পাৰিব বুলি ঘােষণা কৰিছিল প্রধানমন্ত্রী মােদীয়ে । সেই অনুসৰিয়ে এতিয়া চৰকাৰী চাকৰিত নিযুক্তি প্রক্রিয়াৰ সময়ছােৱাত হ'বলগীয়া সাক্ষাৎকাৰ পদ্ধতি এতিয়া নােহােৱা কৰা হৈছে । ইতিমধ্যে মহাৰাষ্ট্ৰ আৰু গুজৰাটত চৰকাৰী চাকৰি নিযুক্তিৰ সময়ত হ'বলগীয়া সাক্ষাৎকাৰ পদ্ধতি প্রথমে সমাপ্ত কৰা হৈছিল । কিন্তু এতিয়া সমগ্র দেশতেই এই পদ্ধতি নাইকিয়া কৰা হৈছে । ইয়াৰ পূৰ্বে চৰকাৰী চাকৰিৰ আবেদনত ৰাজপত্ৰিত বিষয়াৰ স্বাক্ষৰ কাৰ্য ব্যৱস্থা নাইকিয়া কৰিছিল কেন্দ্রীয় চৰকাৰে । এতিয়া মৌখিক সাক্ষাৎকাৰাে নােহােৱা কৰিছে চৰকাৰী চাকৰিত ।

Post a Comment

Previous Post Next Post