প্ৰাচীন গ্ৰীকত জনপ্ৰিয় হোৱা 'জিমনেজিয়াম' এতিয়া শৰীৰ চৰ্চাৰ কাৰণে বিশ্বৰ সকলো দেশতে জনপ্ৰিয়তা অৰ্জন কৰিছে। বৰ্তমান সময়ত খেলুৱৈ অথবা অভিনয়ৰ লগত জড়িত ব্যক্তিসকলৰ বাবে শৰীৰ চৰ্চা অপৰিহাৰ্য্য অংগ হোৱাৰ লগতে বৰ্তমানৰ যুৱচামৰ মাজতো শৰীৰ চৰ্চা কেন্দ্ৰ 'জিম'বোৰ অতন্ত্য জনপ্ৰিয়। কিন্তু বহু স্থানতে এনে ব্যয়বহুল, আধুনিক ব্যায়ামৰ সঁজুলিৰে পৰিপুষ্ট 'জিম'ৰ অভাৱ।
তেনে অভাৱৰ প্ৰতি লক্ষ্য ৰাখিয়ে শুকুৰবাৰে এটা অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ 'ষ্ট্ৰং মাছুল্চ জিম' মুকলি হ'ল কলিয়াবৰত। কলিয়াবৰৰ কুঁৱৰীটোলত জিমটো মুকলি কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত বিতোপন নেওগে। মুকলি অনুষ্ঠানত উপস্থিত থাকি ২০০৭ চনত মি. ৱৰ্ল্ড সন্মানপ্ৰাপ্ত নগাঁৱৰ শৰীৰ চৰ্চাবিদ গৌতম কলিতাই বৰ্তমান সময়ত শৰীৰ চৰ্চাৰ গুৰুত্ব আৰু উপকাৰীতাৰ বিষয়ে ব্যাখ্যা কৰে। “আপুনি সুস্থ মানেই সমাজ সুস্থ”ৰ এক ধাৰাৰ সৃষ্টি হোৱাৰ কামনা কৰিছে শৰীৰ চৰ্চাবিদ গৰাকীয়ে। উল্লেখযোগ্য যে, নতুনকৈ মুকলি হোৱা শৰীৰ চৰ্চা কেন্দ্ৰটোত গৌতম কলিতায়েও ন-শিকাৰুক দিহা-পৰামৰ্শ আগবঢ়াব। 'জিম'টোৰ স্বত্বাধিকাৰী ছায়েদ মিৰ্জাই কলিয়াবৰৰ যুৱচাম তথা ছাথ্ৰ-ছাত্ৰী কেন্দ্ৰটোৰ পৰা লাভান্বিত হ'ব বুলি আশা কৰে।