meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> NBI TIMES

No title

 কাৰাগাৰৰ পৰা ওলায়েই অৰ্ণৱ গোস্বামীৰ উদ্ধৱ থাকৰেলৈ প্ৰত্যাবান: খেল এতিয়া আৰম্ভহে হৈছে

 



 এসপ্তাহ সময় কাৰাগাৰত থকাৰ পাছত কালি উচ্চতম ন্যায়ালয়ে অৰ্ণৱ গোস্বামীক জামিন প্ৰদান কৰে। কাৰাগাৰৰ পৰা ওলায়েই অৰ্ণৱ গোস্বামীয়ে বন্দে মাতৰম আৰু ভাৰত মাতা কি জয় শ্লোগানেৰে কাৰাগাৰৰ বাহিৰত  বৃহৎ সংখ্যাত ৰৈ থকা তেওঁৰ সমৰ্থক সকলক অভিবাদন জনায়।

কাৰাগাৰৰ পৰাই ওলায়েই অৰ্ণৱ গোস্বামীয়ে বুধবাৰে পুনৰ ষ্টুডিঅ’ৰ পৰা ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰাৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক আক্ৰমণৰ লক্ষ্য কৰি লয়। কাৰাগাৰৰ পৰা ওলোৱাৰ পাছতেই ষ্টুডিঅ’ত সহকৰ্মীৰ মাজত উপস্থিত হৈ অৰ্ণৱ গোস্বামীয়ে কয় ” উদ্ধৱ থাকৰে, আপুনি শুনি লওঁক, আপুনি হাৰিলে। আপুনি মোক এটা পুৰণি আৰু ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰিলে আৰু মোক ক্ষমাও নুখুজিলে। খেল এতিয়া আৰম্ভ হৈছে। এতিয়াৰে পৰা প্ৰত্যেকতো ভাষাতেই ৰিপাব্লিক টিভি আৰম্ভ কৰিম আৰু আন্তৰাষ্ট্ৰীয় মিডিয়াতো মোৰ উপস্থিতি যে আছে তাক প্ৰমাণ কৰিম।”

পুনৰ গ্ৰেপ্তাৰ কৰাৰ আশংকা ব্যক্ত কৰি অৰ্ণৱ গোস্বামীয়ে উদ্ধৱ থাকৰেক উদ্দেশ্যি কয়, “মই কাৰাগাৰৰ ভিতৰৰ পৰাই চেনেল আৰম্ভ কৰিম আৰু আপুনি একো কৰিব নোৱাৰিব।” অৰ্ণৱ গোস্বামীয়ে পুনৰ কয় “চৰকাৰে মোক বক্র পথেৰে গ্ৰেপ্তাৰ কৰিছিল। মই নাভাবো যে মিডিয়াৰ মুখ বন্ধ কৰিব পাৰিব। উদ্ধৱ থাকৰেই যদি মোৰ সাংবাদিকতাক লৈ অসুবিধা আছে তেতিয়াহ’লে তেওঁ ইন্টাৰভিউ দিব লাগে। মই তেওঁক ডিবেটৰ বাবে প্ৰত্যাহ্বান জনাইছোঁ।”

উল্লেখ্য যে অৰ্ণৱ গোস্বামীয়ে উচ্চতম ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰাৰ পাছতেই মহাৰাষ্ট্ৰৰ প্রাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিসে উচ্চতম ন্যায়ালয়ৰ ৰায়ক সন্মান জনাই কয় যে ন্যায়ালয়ে উদ্ধৱ চৰকাৰক নিজৰ স্থান দেখুৱাই দিলে।
( Courtesy:: The Statement)

Post a Comment

Previous Post Next Post