হাজোত এটি দুবছৰীয়া কণমানি মৃৎ শিল্পী
# তীৰ্থ নগৰীৰ কুমাৰপাৰাত ঘৰ শিশু মৃৎ শিল্পীগৰাকীৰ
# নাম তাইৰ ভায়োলিনা কুমাৰী
# কণমানি ভায়োলিনা ব্যস্ত দিপাৱলীৰ চাকি বনোৱাত
# আনন্দিত ভায়োলিনাৰ পিতৃ পবিত্ৰ কুমাৰ আৰু মাতৃ প্ৰণিতা কুমাৰী
পোহৰৰ উৎসৱ দিপাৱলী সমাগত। দিপাৱলীৰ বাবে ব্যস্ততাৰ সীমা নাই মৃৎ শিল্পীসকলৰ। তীৰ্থনগৰী হাজোৰ কুমাৰপাৰাৰ এই শিশুটিলৈ মন কৰক। দুবছৰীয়া এই শিশুটিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কণমানিটিৰ নাম ভায়োলিনা কুমাৰী। মাত্ৰ দুবছৰ বয়সতে নিজৰ আইতাকক অনুকৰণ কৰি দিপাৱলীৰ বাবে চাকি প্ৰস্তুত কৰাত এতিয়া ব্যস্ত এই অসাধাৰণ শিশুটি।
মুখৰ মাত নুফুটোতেই নিজ প্ৰতিভাৰ উমান দেখুৱাইছে ভায়োলিনাই। এই কণমানি মৃৎ শিল্পীগৰাকীক লৈ আশাবাদী পৰিয়ালবৰ্গ ।
Tags
অসমীয়া বাতৰি