চিকিৎসালয়খনৰ চিকিৎসক বীৰেন দেউৰীয়ে ভুল চিকিৎসা কৰাৰ অভিযোগ মৃত মহিলাৰ আত্মীয়ৰ।
উল্লেখযোগ্য যে¸ বিগত চাৰি নৱেম্বৰত কলিয়াবৰৰ দলগাঁৱৰ ববী সৎনামী নামৰ মহিলাগৰাকীৰ বন্ধ্যাকৰণৰ বাবে জখলাবন্ধা চিকিৎসালয়ত কৰা হয় অস্ত্ৰোপ্ৰচাৰ। চিকিৎসালয়খনৰ মহিলা ৰোগ বিশেষজ্ঞ চিকিৎসক বীৰেন দেউৰীয়ে চিকিৎসা প্ৰদান কৰিছিল ববী সৎনামী নামৰ মহিলাগৰাকীৰ।
বিগত কিছুদিন ধৰি পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাৰ বাবে ববী সৎনামীক পুনৰ ভৰ্তি কৰোৱা হয় জখলাবন্ধা হাস্পতালত।
চিকিৎসক বীৰেন দেউৰীয়ে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে মহিলাগৰাকীক।
সোমবাৰে পুৱতি নিশা ৰক্তক্ষৰণ হৈ মৃত্যু হয় ববী সৎনামী নামৰ মহিলাগৰাকীৰ ।
মহিলাগৰাকীৰ আত্মীয়ৰ অভিযোগ অনুসৰি নিজৰ দোষ বচাবলৈ মৃত ববী সটনামীৰ একাউন্টত ২০ হাজাৰ টকা ভৰাই দিয়ে চিকিৎসক বীৰেন দেউৰীয়ে।
জখলাবন্ধা চিকিৎসালয়ৰ চিকিৎসক বীৰেন দেউৰীয়ে ভুল চিকিৎসা কৰাৰ অভিযোগ তুলি সোমবাৰে মহিলাগৰাকীৰই আত্মীয় উত্তপ্ত কৰি তোলে জখলাবন্ধা চিকিৎসালয় চৌহদ। দাবী তোলে উচিত ক্ষতিপুৰণ