No title



গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ উদ্যোগত সাংবাদিক পৰাগ ভূঞাৰ হত্যা কাণ্ডৰ বিৰুদ্ধে কলা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী। 

 


 বিভিন্ন দল সংগঠনৰো সহযোগিতা । গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত সাংবাদিক সহ কেইবাটাও  দল সংগঠনৰ অৰ্ধশতাধিক সদস্যৰ অংশগ্ৰহণ।
দেশত সাংবাদিক নিগৃহীত কোনো নতুন কথা হৈ থকা নাই। অসমত পৰাগ দাস হত্যাৰ পৰা পৰাগ ভূঞা হত্যালৈ বহু কেইগৰাকী সাংবাদিক বিভিন্ন সময়ত হত্যাৰ বলি হবলগীয়া হৈছে, চেষ্টা কৰা হৈছে কলম বন্ধ কৰিবলৈ। সাংবাদিকৰ কামেই বাতৰি পৰিবেশন কৰা। কিন্তু বৰ্তমান সময়ত বাতৰি পৰিবেশন বৰ্তমান সময়ত যেন ভাবুকি স্বৰূপ হৈ পৰিছে। হকে বিহকে দুস্কৃতিকাৰীয়ে সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লয় কিন্তু চৰকাৰ প্ৰশাসনে সাংবাদিক সকলক উপযুক্ত নিৰাপত্তা দিব পৰা নাই। সাংবাদিকতাক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় যদিও বৰ্তমান সংবাদ কৰ্মী সকলৰ ওপৰত আহি পৰিছে তীব্ৰ ভাবুকি। আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীত গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ সভাপতি আব্দুছ ছোবাহানে কয় যে সাংবাদিক পৰাগ ভূঞাৰ দুৰ্ঘটনাজনিত মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলি বিবেচনা কৰি চৰকাৰে চি আই  ডিৰ জড়িয়তে তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। লগতে  প্ৰয়াত ভূঞাৰ পৰিয়ালৰ কোনোবা এগৰাকীক চাকৰি দিয়াৰ লগতে ৫০ লাখ টকাৰ এককালীন ক্ষতিপূৰণও দিব লাগিব অন্যথাই অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব। আজিৰ প্ৰতিবাদী সভাত গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ সদস্য সকলৰ লগতে বিভিন্ন দল সংগঠনৰ সদস্য সকলে হাতে হাতে প্লে কাৰ্ড ফেষ্টুন আদিলৈ সাংবাদিক হত্যাৰ বিচাৰ লাগে, সাংবাদিকক নিৰাপত্তা দিব লাগে, অসম চৰকাৰ হায় হায়, পৰাগ ভূঞাৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত চিপিআই চিপিএম দলৰ হৈ ননী দাস, ৰেডক্ৰছ ছোছাইটীৰ হৈ শৈলেন দাস, গোৱালপাৰা জিলা কৃষক মুক্তিৰ হৈ মনিশংকৰ গয়াৰী, গোৱালপাৰা জিলা আমছুৰ সভাপতি আনিমূল হক চৌধুৰী, ছাত্ৰ মুক্তিৰ হৈ আমিনুল হক, সাংবাদিক সন্থাৰ তৰফৰ পৰা ৰাশিদুল হকেও চমু বক্তব্য দাঙি ধৰে।

Post a Comment

Previous Post Next Post