অতীত স্মৃতি ৰোমন্থন কৰি টীয়কৰ নিজ গৃহত অসমৰ মূখ্য সচিব "জিষ্ণু বৰুৱা"




Teok :-  নিজ গাওঁখন, নিজ ঠাইখনৰ আপোন মানুহবোৰৰ  মৰম আৰু আদৰে আজি অভিভূত কৰিলে অসম চৰকাৰ মূখ্য সচিব "জিষ্ণু বৰুৱাক" উল্লেখযোগ্য যে চৰকাৰী এক কাৰ্যসূচীত উজনি অসম ভ্ৰমনত আহি মূখ্য সচিব জিষ্ণু বৰুৱাই যোৱাকলি বিয়লি টীয়ক চাউদাং গাঁৱ স্থিত নিজ পৰিয়ালৰ কাষলৈ আহি চাউদাং গাঁওৰ নামঘৰত নিজ পত্নীৰ সঋতে ৰাইজৰ সেৱা গ্ৰহন কৰে ৷ ৰাজ্যৰ মূখ্য সচিব জনক কাষতে পাই বিশেষকৈ জন্মসুত্ৰে  টীয়কৰ সন্তান হোৱাৰ বাবে টীয়কত এক উৎসাহ দেখা গ’ল আৰু বিভিন্ন দল সংগঠনে সচিব জনক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনাই৷ সাংবাদিকৰে কথাবতৰাত  মূখ্য সচিব জনে টীয়কীয়া ৰাইজৰ যি মৰম আৰু আদৰ সেয়াত অভিভূত হয় বুলি কয়৷ আৰু টীয়কৰ যিবিলাক সমস্যা আছিে সেইবিলক চৰকাৰ লগত মিলি যিমান পৰি সমাধানৰ চেষ্টা কৰাৰ কথা উল্লেখ কৰে৷
শেষত পুৰনী গৃহলৈ গৈ পৰিয়ালৰ সকলোৰে সৈতে কিছু সময় কটাই ৷

Post a Comment

Previous Post Next Post