কাৰাটে খেলুৱৈৰ ৰূপত বিধায়িকা সুমন হৰিপ্ৰিয়া
ছেনছেই দিপাংকৰ মজুমদাৰৰ তত্বাৱধানত হাজোত কাৰাটেৰ বেল্টৰ পৰীক্ষাৰ সামৰণি
হাজো - ০৮ নৱেম্বৰ দেওবাৰে Universal Karate Do Federation of India অসমৰ উদ্যোগত এই বৰ্ষৰ ৰঙীণ বেল্টৰ পৰীক্ষা অনুষ্ঠিত হ'য়। হাজো সুৰেণ দাস মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা পৰীক্ষাত কামৰূপ জিলাৰ বিভিন্ন ক্লাবৰ 197 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । উক্ত বেল্টৰ পৰীক্ষা পৰিচালনা কৰে ছেনছেই দিপাংকৰ মজুমদাৰে। ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল কুমাৰ মেধি, প্ৰাক্তন ৰাজ্যিক তথ্য আয়ুক্ত মোহন চন্দ্ৰ মালাকৰ, হাজো ৰাইজ সমিতিৰ সভাপতি গোলক চন্দ্ৰ ওজা, ধোপৰগুৰি সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক নৃপেন কলিতা, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য জিতেন্দ্ৰ পাটোৱাৰী, বহ্নিমান কাৰাটে একাডেমীৰ সভাপতি কুলেন দাস আৰু সম্পাদক গৌতম কলিতাকে প্ৰমুখ্যে কৰি বিভিন্নজন ব্যাক্তি উপস্থিত থাকে। ছেনছেই মণ্টু ওজাই আঁত ধৰা অনুষ্ঠানৰ শুভাৰম্ভণি কৰে দদৰা শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধানাচাৰ্য তথা কামৰূপ জিলা কাৰাটে সন্থাৰ উপ সভাপতি পৰেশ চন্দ্ৰ দাসে। এই অনুষ্ঠানতে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু হাজো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল কুমাৰ মেধিক সন্মান জনাই মানপত্ৰ আৰু ব্লেক বেল্ট প্ৰদান কৰে ইউনিৰ্ভাচেল কাৰাটে ডো ফেডেৰেশ্যনৰ মুৰব্বী, আন্তঃৰাষ্ট্ৰীয় পদক প্ৰাপ্ত খেলুৱৈ তথা সাংবাদিক ছেনছেই দিপাংকৰ মজুমদাৰে।
Tags
অসমীয়া বাতৰি