চাহ শ্ৰমিকৰ বিভিন্ন দাবীত চাহ মজদুৰ সংঘৰ ৰাজ্যব্যাপী বৃহৎ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

 


 

এইবাৰ ৰাজ্যখনৰ শোষিত-নিষ্পেষিত চাহ শ্ৰমিকে ৰাজ্য চৰকাৰৰ প্ৰতাৰণাৰ বিৰোধে গৰ্জন দিবলৈ সাজু হৈছে| দৈনিক মজুৰি বৃদ্ধি, চাহ জনগোষ্ঠীৰ জনজাতি কৰণ, চৰকাৰী চাকৰিত মকৰল, ভূমি পট্টা প্ৰদান, চেটলাইট ভিত্তিত স্বায়ত্ব শাসন প্ৰদান আদিৰ দাবীত ৰাজ্যখনত চৰকাৰ বিৰোধী "শ্ৰমিক বিদ্ৰোহ" ৰ সুচনা কৰিবলৈ সাজু হৈছে অসম চাহ মজদুৰ সংঘই| নিৰ্বাচনী বৈতৰণী পাৰ পাবলৈ ৰাজ্যখনৰ প্ৰায় 8 (আঠ) লাখ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰা, ভূমি পট্টা প্ৰদান কৰা আদি প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰখনে গাদী দখল কৰাৰ পিচত চাহ শ্ৰমিকক দিয়া প্ৰতিশ্ৰুতি পোৰন কৰাৰ বিপৰিতে নানা প্ৰলোভন দি কেৱল ভোট লোৱাৰ চেষ্টা কৰি অহা পৰিলক্ষিত হৈছে|

কিন্তু ৰাজ্যখনৰ সৰ্ববৃহৎ শ্ৰমিক সংগঠন "অসম চাহ মজদুৰ সংঘ"ই চৰকাৰখনৰ এনে প্ৰতাৰণামূলক চৰিত্ৰৰ বিৰোধে জাঙুৰ খাই উঠি ৰাজ্যব্যাপি নজিৰ বিহিন শ্ৰমিক আন্দোলন গঢ়ি তোলাৰ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰিছ| অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাই আজি ডুমডুমাত এক সংবাদমেলৰ আয়োজন কৰি কৃষক-শ্ৰমিক বিৰোধী বিজেপি চৰকাৰৰ বিৰোধে গ্ৰহন কৰা ৰাজ্যব্যাপী আন্দোলনৰ বিষয়ে অৱগত কৰি কয় যে ৰাজ্য চৰকাৰখনৰ সৈতে বাৰম্বাৰ আলোচনা-বিলোচনা কৰি, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰখনক নিৰ্বাচনি প্ৰতিশ্ৰুতি পোৰণ কৰাৰ দাবী জনাই অহা স্বত্তেও ৰাজ্য চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিক সকলৰ বেংক একাউন্টত 3 হাজাৰ, 5 হাজাৰ টকা দি ভোট আদায় কৰাৰ দৰে নিকৃষ্ট কাম কৰি চৰম প্ৰতাৰণা কৰি অহা পৰিলক্ষিত হৈছে, সেয়েহে এইবাৰ চাহ শ্ৰমিক, চাহ জনগোষ্ঠী-আদিবাসী সকলক লৈ চাহ মজদুৰ সংঘই চৰকাৰখনৰ বিৰোধে নিৰ্নায়ক আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰিছে|

সেইমৰ্মে অহা ইং 1 জানুৱাৰীৰ পৰা 17 জানুুৱাৰীলৈকে ৰাজ্যখনৰ প্ৰতেক চাহ-বাগিচাত ব্যাপক প্ৰচাৰ কাৰ্য্যসূচী আৰু ইং 18, 21 আৰু 28 জানুৱাৰীত ক্ৰমে ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি আৰু গোলাঘাটত বাগিচা বন্ধ ৰাখি বৃহৎ "শ্ৰমিক গৰ্জন" কাৰ্য্যসূচী গ্ৰহণ কৰিছে| 8 (আঠ) ফেব্ৰুৱাৰী তাৰিখে "দিশপুৰ চলো" কাৰ্য্যসূচী গ্ৰহণ কৰি জনতা ভৱনত বৃহৎ সংখ্যক চাহ শ্ৰমিকক সমবেত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে শ্ৰমিক নেতা গৰাকীয়ে|

Post a Comment

Previous Post Next Post