শিক্ষানুষ্ঠানৰ মেৰামতিৰ নামত সর্বশিক্ষা অভিযান মিছনে আবণ্টন দিয়া ধনৰ লুণ্ঠন চলাই কাৰাগাৰলৈ যােৱাৰ বাট মুকলি হ’ল শিক্ষা বিষয়া ফুলেন্দ্ৰ কলিতাৰ ৷ কালি বিশেষ ন্যায়াধীশৰ আদালতে শিক্ষা বিষয়া ফুলেন্দ্ৰ কলিতাক দুর্নীতিৰ গােচৰত চাৰি বছৰৰ কাৰাদণ্ড বিহে । উল্লেখযােগ্য যে তেখেতে দৰঙৰ শিক্ষা বিষয়া হৈ থাকোতে
সর্বশিক্ষা অভিযান মিছনে বিদ্যালয় মেৰামতিৰ বাবে প্ৰদান কৰা ধনৰ বাবদ ছবিন ডেকা নামৰ এজন ঠিকাদাৰৰ পৰা ধন দাবী কৰি আহিছিল । সেই অনুসৰি ২০১৬ চনৰ ২৭ জুনত ঠিকাদাৰজনৰ পৰা উৎকোচ লওঁতেই ফুলেন্দ্ৰ কলিতা ভিজিলেন্সৰ হাতত গ্রেপ্তাৰ হয় । এই সন্দৰ্ভত ৰুজু হােৱা গােচৰতে কালি কলিতাক আদালতে কাৰাদণ্ড বিহে ৷ বৰ্তমান তেখেতে বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক হিচাবে কৰ্মৰত ৷
Tags
অসমীয়া বাতৰি