আৰক্ষী চকীৰ অন্তৰ্গত কাইমমাটী গাঁৱৰ লাউকুটীত গংগাধৰ নৈৰ পাৰত আৰক্ষীয়ে অভিযান চলাই প্ৰায় দুই বিঘা গাঞ্জাৰ খেতি উৎক্ষাত কৰে। কাইমমাটী গাঁৱৰ লাউকুটীত গংগাধৰ নৈৰ পাৰৰ চাৰি ঠাইত অঞ্চলটোৰ একাংশ লোকে গোপনে আনুমানিক দুই বিঘাৰো অধিক মাটিত নিষিদ্ধ ঘোষিত গাঞ্জা খেতি কৰে।
আৰক্ষীয়ে উক্ত অবৈধ গাঞ্জা খেতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত আগমনি ৰাজহ বিষয়া তথা স্থানীয় দণ্ডাধীশ চিৰঞ্জীত দাসৰ উদ্যোগত যোৱা ছোটগুমা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দানেশ আলী আৰু ছাগলীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বি এছ বসুমতাৰীৰ নেতৃত্বত ছোটগুমা আৰু ছাগলীয়া আৰক্ষীৰ বৃহৎ দল এটা আজি অভিযান চলায়। অভিযানকাৰী আৰক্ষীৰ দলটোৱে গাঁৱখনৰ চাৰি ঠাইত অভিযান চলাই প্ৰায় দুই বিঘা ভাং খেতি উৎক্ষাত কৰে।