বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত এতিয়া চলিছে গুণ্ডাৰাজ । উত্থাপিত হৈছে উদ্যানখনলৈ অহা দূৰদূৰণিৰ দর্শনার্থীসকলৰ পৰা গাড়ী পার্কিঙৰ নামত অবৈধ উপায়েৰে একাংশ অসাধু লােকে ধন সংগ্ৰহ কৰাৰ অভিযােগ । আনহাতে , এই অভিযােগৰ ভিত্তিতে কালি প্রশাসনে ধন সংগ্ৰহৰ এই কার্য তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়ে । উল্লেখ্য যে উদ্যানখনত সাধাৰণতে অক্টোবৰৰ পৰা প্ৰায় এপ্রিল - মে মাহলৈকে পর্যটনৰ বতৰ হিচাপে গণ্য কৰা হয় যদিও বছৰৰ শেষৰ দিনকেইটাতহে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দর্য উপভােগ কৰাৰ লগতে খৰালি মাহত বেঁকী নৈৰ বালিচৰত বহি লগে - ভাগে এসাঁজ খােৱাৰ বাবেই ঘাইকৈ অঞ্চলটোত দর্শনার্থীসকলৰ এই অঞ্চলটোলৈ আগমন ঘটে । অসাধু চক্ৰটোৱে নানান অজুহাত দেখুৱাই প্ৰতিখন ডাঙৰ গাড়ীৰ নামত চাৰিশ টকা আৰু মধ্যমীয়া আৰু সৰু গাড়ীৰ ক্ষেত্ৰত ক্রমে তিনিশ আৰু দুশ টকাকৈ ধন সংগ্রহ কৰি আহিছিল । তদুপৰি মটৰ চাইকেল পার্কিঙৰ নামতাে প্রতিখনৰে পৰা ২০ টকাকৈ সংগ্রহ কৰি থকা হৈছিল ধন । আনহাতে , বিষয়টোত বনভােজস্থলীৰ পৰিচালনা সমিতিৰ স’তে যােগাযােগৰ চেষ্টা কৰা হৈছিল যদিও এই ক্ষেত্ৰত কোনাে ধৰণৰ মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে পৰিচালনা সমিতিৰ বিষয়ববীয়া সকল । অবৈধ উপায়েৰে ধন সংগ্রহৰ এনে ঘটনাই প্রকৃতিৰ ৰম্যভূমি হিচাপে পৰিচিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পর্যটন উদ্যোগটোৰ ওপৰত বিৰূপ প্ৰভাৱ পেলােৱাৰ সম্ভাৱনা আছে বুলিও মত ব্যক্ত কৰিছে কেবাগৰাকীও দর্শনার্থী - সচেতন ব্যক্তিয়ে । প্রশাসনক অনতিপলমেই ইয়াৰ মূলােচ্ছেদ কৰিবলৈও আহ্বান জনাইছে উদ্যোগটোৰ স’তে জড়িত কে’বাগৰাকীও সচেতন ব্যক্তিয়ে ।