বিজেপিত যোগদান অজন্তা- ৰাজদ্বীপ আৰু বলেন্দ্ৰৰ

 

 


আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত বিজেপি দলৰ নীতি-আৰ্দশৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেত্ৰী, প্ৰাক্তন মন্ত্ৰী তথা বিধায়িকা অজন্তা নেওগ, প্ৰাক্তন বিধায়ক, যুৱনেতা ৰাজদ্বীপ গোৱালা  আৰু বলেন্দ্ৰ মুছাহাৰীয়ে ৷ এই যোগদান কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাস, অসমৰ মাননীয় মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা  ধৰি সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা আৰু দলীয় বিষয়ববীয়া সকল উপস্থিত থাকে ৷

Post a Comment

Previous Post Next Post