গোৱালপাৰা ২৫ ডিচেম্বৰ:: গোৱালপাৰা জিলাৰ পূৱ সমষ্টিৰ এগৰাকী উদীয়মান নেতাৰ উত্থানে ৰাজনৈতিক মহলত চৰ্চিত হোৱা বুলি জানিব পৰা গৈছে। যুৱ নেতা গৰাকীৰ নাম দেৱান মফিজুৰ ৰহমান ৰৌফি। পেচাত গোৱালপাৰা জিলা আদালতৰ এগৰাকী অধিবক্তা। বিগত লকডাউনৰ সময়ত দৰিদ্ৰ জনতাৰ কাষত থাকি দুৰ্দশাগ্ৰস্ত জনতাৰ লগতে আগবঢ়াইছিল সাহায্য সামগ্ৰী । ছাত্ৰ জীৱনৰ পৰাই এন এছ ইউ আই, যুৱ কংগ্ৰেছৰ বিভিন্ন সাংগঠনিক পদ অলংকৃত কৰা অধিবক্তা গৰাকী বৰ্তমান গোৱালপাৰা জিলা আদালতৰো এগৰাকী অধিবক্তা। দৰিদ্ৰ জনতাৰ ডি ভোটাৰ আদিকে ধৰি আদালতৰ বহু কাম কাজত বিনা মাচুলত কৰি দিয়ে বুলি একাংশই ৰাইজে মত পোষণ কৰে । বিগত লকডাউনৰ সময়ত অসহায় জনতাৰ কাষত থাকি আগবঢ়াইছিল সাহায্য সামগ্ৰী। সমষ্টিৰ জনতাৰ কাষত থাকি ৰাইজৰ দূখ দুৰ্দশাৰ বুজলোৱাৰ লগতে আৰ্তজনৰ কাষতো থিয় দিয়ে এই গৰাকী যুৱ নেতাই। যি সময়ত সমষ্টিত বিভিন্ন দলৰ নেতা সকলে দলে বলে সভা সমিতি পাতি নিজৰ নিজৰ যোগ্যতাৰ বিষয়ে ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছে তেনে সময়তে অধিবক্তা ৰৌফিয়ে ৰাইজৰ সূখ দূখৰ খা খবৰ লোৱাতহে ব্যস্ত হৈ পৰিছে। একেদৰে যোৱা বান-গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা জনতাৰ দূখ দুৰ্গতিৰ খবৰ লবলৈও পাহৰা নাছিল যুব অধিবক্তা গৰাকীয়ে । লগতে দিনে নিশাই ৰাইজৰ কাষত থাকি বিভিন্ন অভাৱ অভিযোগৰ খা খবৰো নিয়মিতভাৱে লৈছিল। তাৰ বাবে বহু সময়ত দলৰ ফালৰ পৰাও সতৰ্ক বাণী শুনিবলগীয়া হৈছিল । দলীয় অনুশাসনৰ মাজত থাকি ৰাইজৰ মাজত চৰ্চিত হোৱা দেৱান মফিজুৰ ৰহমান বৰ্তমান গোৱালপাৰা পূৱ সমষ্টিৰ এটি চৰ্চিত নাম। গোৱালপাৰা পূৱ সমষ্টিত কংগ্ৰেছ দলৰ নতুন মূখ হিচাপে সমষ্টিৰ বিভিন্ন ঠাইত চলিছে সৰব চৰ্চা। ৰাইজৰ আশীষ বিচাৰি অধিবক্তা গৰাকীয়ে ৰাইজৰ মাজত আহিছে, বিচাৰিছে ৰাইজৰ আশীৰ্বাদ ও সহায় সহযোগিতা। ইতিমধ্যে কংগ্ৰেছ হাইকামাণ্ডেও নতুন মূখৰ যুৱ নেতাক অগ্ৰাধিকাৰ প্ৰদান কৰাৰ সেউজ সংকেত দিয়া বুলিও অধিবক্তা গৰাকীয়ে কয়।
Anisul zaman, Goalpara