হাজোত অসম জাতীয় পৰিষদৰ নেতা বিবেকানন্দ চৌধুৰীৰ সংবাদমেল। দলীয় টিকট পালে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে সাজু বিবেকানন্দ চৌধুৰী

 


30:01:2021:: অসম জাতীয় পৰিষদৰ লক্ষ্য-উদ্দেশ্যৰ প্ৰতি আকৃষ্ট হৈ চলিত সপ্তাহত দলটোত যোগদান কৰা হাজোৰ সু-সন্তান তথা কোকৰাঝাৰ জিলাৰ প্ৰাক্তন উপাযুক্ত, অসম সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰাক্তন সচিব বিবেকানন্দ চৌধুৰীয়ে দলীয় ভাৱে সহাৰী পালে আগন্তুক বিধান সভা নিৰ্বাচনত হাজো সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সাজু। শুকুৰবাৰে হাজোৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাত সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে চৌধুৰীয়ে। সাম্প্ৰতিক অসমৰ আঞ্চলিক ৰাজনৈতিক প্ৰেক্ষাপটত নতুনকৈ জন্ম লোৱা অসম জাতীয় পৰিষদ দলৰ উত্থানে হাজোৰ ৰাজনৈতিক ক্ষেত্ৰতো প্ৰভাৱ বিস্তাৰ কৰিছে। তেনে সময়তে দলটোৰ প্ৰতি আস্থা প্ৰকাশ কৰি প্ৰাক্তন আছু কৰ্মী, অসম আন্দোলনৰ সৈতে জড়িত তথা প্ৰসাশনিক বিষয়া গৰাকীয়ে দলটোত যোগদান কৰি সাংগঠনিক ভেতি সুদৃঢ় কৰাৰ বাবে নামি পৰিছে বুলিও মন্তব্য কৰে। আনহাতে নেতা গৰাকীয়ে কয় যে পৰ্যটন ক্ষেত্ৰত পূণ্যভূমি হাজোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভুমিকা লব বুলি দোহাৰে। সম্প্ৰতি অসম জাতীয় পৰিষদৰ উপ সভাপতি দুলু আহমেদৰ নেতৃত্বত হাজো সমষ্টিৰ চুকে-কোনে জনসাধাৰণৰ মাজত সাংগঠনিক ভেতি সবল কৰাৰ অহৰহ প্ৰচেষ্টা চলাই থকাৰ সময়তে প্ৰাক্তন প্ৰসাশনিক বিষয়া বিবেকানন্দ চৌধুৰীৰ যোগদানে সমষ্টিটোত চৰ্চা লাভ কৰিছে।

Post a Comment

Previous Post Next Post