meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> বৰপেটাত ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আবন্টন পত্ৰ বিতৰণ

বৰপেটাত ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আবন্টন পত্ৰ বিতৰণ


 

 

 


ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটাতো আজি ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আবন্টন পত্ৰ বিতৰণ কৰা হয় । বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু  জিলা প্ৰশাসনৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভূমি পট্টা আৰু আবন্টন পত্ৰ প্ৰদান কৰা হয় ৷ এই অনুষ্ঠানত বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ জৰিয়তে বৰপেটা জিলাৰ ৮ টা ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ৫০৩ টা ভূমিহীন খিলঞ্জীয়া পৰিয়ালক বিতৰণ কৰা হয় ভূমি পট্টা আৰু আবন্টন পত্ৰ । উক্ত অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ লগতে চক্ৰ বিষয়া সকল উপস্থিত থাকে ।

Source: Barpeta Express

Post a Comment

Previous Post Next Post