বৰপেটাৰোডত চাৰিজনৰ অস্বাভাৱিক মৃত্যু



 


বৰপেটাৰোড থানাৰ অন্তৰ্গত চাৰিজন লোকৰ যোৱা দুদিনত অস্বাভাৱিক মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে ৷ কালি নিশা বৰপেটাৰোডৰ খৈৰাবাৰীৰ হাৰান বসাক নামৰ ৬০ বছৰীয়া লোকজনে ঘৰৰ পিছপিনে চীপ লৈ আত্মহত্যা হত্যা কৰে ৷ বাবুপাৰাৰ বীৰেন বসাকৰ পুত্ৰ সুৰেন্দ্ৰ বসাক(৪০ বছৰ)ৰ দীৰ্ঘদিন ৰোগাক্ৰান্ত হোৱাৰ পিছত নিজ গৃহতে মৃত্যু হয় ৷ আনহাতে, কালি আবেলি শিমলুগুৰিৰ প্ৰহ্লাদ বৰ্মন নামৰ ১৮ বছৰীয়া যুৱকজনে চীপ লৈ আত্মহত্যা কৰে ৷
ইপিনে, বেঁকী নৈৰ দলংৰ কাষত এজন প্ৰায় ৬০ বছৰীয়া লোকৰ আজি মৃতদেহ উদ্ধাৰ হৈছে ৷ মৃত ব্যক্তিজন বৰ্তমানলৈ চিনাক্ত কৰণ হোৱা নাই ৷

Post a Comment

Previous Post Next Post