বৰপেটাৰােড অনুষ্ঠিত আঠিয়াবাৰী মহােৎসৱত বিধায়ক ৰঞ্জিত কুমাৰ দাসক "আঠীয়াবাৰী গৌৰৱ বঁটা" প্রদান


 


সৰভােগ সমষ্টিৰ বিধায়ক , হাউছফেডৰ অধ্যক্ষ তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক যোৱা শনিবাৰে  ‘ আঠীয়াবাৰী গৌৰৱ বঁটা" প্ৰদান কৰা হয় । বৰপেটাৰােড ডেভেলপমেন্ট ফ'ৰামৰ উদ্যোগত বৰপেটাৰােড ষ্টেডিয়ামত চলি থকা আঠীয়াবাৰী মহােৎসৱতে শনিবাৰে নিশা ৰঞ্জিত কুমাৰ দাসক এই বঁটা প্ৰদান কৰা হয় । উল্লেখ্য , তাহানিৰ আঠীয়াবাৰী হিচাপে খ্যাত আজিৰ বণিজ নগৰী বৰপেটাৰােডৰ পুৰণি ঐতিহ্য , সংস্কৃতি তথা বাণিজ্যৰ দিশ নতুন প্রজন্মক পৰিচয় কৰি দিয়াৰ লগতে অধুনালুপ্ত আঠীয়াবাৰী নামটো জনপ্রিয় কৰি তােলাৰ লক্ষ্যৰে বৰপেটাৰােড ডেভেলপমেন্ট ফ’ৰামৰ উদ্যোগত যােৱা ২০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ আঠীয়াবাৰী মহােৎসৱ উদযাপিত হৈ আহিছে । পােন প্রথমবাৰৰ বাবে আয়ােজিত মহােৎসৱ উদযাপন সমিতিয়ে শিক্ষকতা - সাংবাদিকতা - সমাজ সংগঠকৰ পৰা ৰাজনীতিৰ বহল ক্ষেত্ৰত পদার্পণ কৰি সৰভােগ সমষ্টিক দুবাৰকৈ প্রতিনিধিত্ব কৰাৰ লগতে ৰাজ্যৰ ৰাজনীতিত গুৰুত্বপূর্ণ ভূমিকা লােৱা তথা সৰভােগ সমষ্টিৰ সৰ্বাংগীণ উন্নয়ন বিশেষ পাৰদৰ্শিতা দেখুওৱা ৰঞ্জিত কুমাৰ দাসক‘আঠিয়াবাৰী গৌৰৱ বঁটা"ৰ বাবে মনােনীত কৰা হয় । শনিবাৰেনিশা আঠীয়াবাৰী মহােৎসব উদযাপন সমিতিৰ সভাপতি জয়ন্ত কুমাৰ দাসৰ পৰিচালনাত অনুষ্ঠিত এখনি সভাতে উদ্যোক্তাসকলে ৰঞ্জিত কুমাৰ দাসক উক্ত এই বঁটা প্ৰদান কৰে । আঠয়াবাৰী মহােৎসৱ উদযাপন সমিতিৰ সভাপতি জয়ন্ত কুমাৰ দাসে বঁটাপ্রাপক ৰঞ্জিত কুমাৰ দাসক এখন পাটৰ ফুলাম গামােচাৰে সম্বর্ধনা জনােৱাৰ পিচতে কাৰ্য্যকৰী সভাপতি অৰূপ বায়নে অংগবস্ত্ৰৰে , সাধাৰণ সম্পাদক ৰমেন শর্মাই এখনি এৰী চাদৰেৰে , কোষাধাক্ষ কুলেন চৌধুৰীয়ে এটি স্মাৰকৰ লগতে আন এজন সাধাৰণ সম্পাদক ৰঞ্জিত তালুকদাৰে এখনি মানপত্র প্রদান কৰি এই সন্মান প্রদান কৰে ।

বিধায়ক ৰঞ্জিত কুমাৰ দাসে এই বঁটা গ্ৰহণ কৰি কয় যে আঠীয়াবাৰী তথা সৰভােগ সমষ্টিৰ ৰাইজ তেওঁৰ সকলাে কৃতিত্বৰ দাবীদাৰ আৰু তেওঁ এক নিমিত্ত মাথােন । সকলাে সন্মানৰ অধিকাৰী আঠীয়াবাৰী তথা বৰপেটাৰােড আৰু সৰভোগ সমষ্টিবাসী ৰাইজ বুলি ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰে । তেওঁক বিধায়ক হিচাপে নির্বাচিত কৰা হেতুকে তেওঁ অসম বিধানসভাৰ অধ্যক্ষ তথা বিজেপিৰ ৰাজ্যিক সভাপতিৰ দৰে গুৰুত্বপূর্ণ দায়িত্ব লাভ কৰিবলৈ । সক্ষম হােৱাৰ উপৰি সৰভােগ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত ৰাইজৰ এজন সহযােগী  হিচাপে কাম কৰিবলৈ তেওঁ সুযােগ লাভ কৰিছে বুলিও দোহাৰে । ভাষণত ৰঞ্জিত কুমাৰ দাসে বিগত দুটা কার্যকালত তেওঁ সৰভােগ সমষ্টিৰ উন্নয়ন বাবে কি কি উন্নয়নমূলক কাম - কাজ কৰিলে তথা আগত দিনত কিম সম্পন্ন কৰিব তাৰে চমু আভাস দিয়ে । আঠীয়াবাৰী মহােৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ৰঞ্জিত তালুকদাৰে আঁত ধৰা অনুষ্ঠানত বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে ধ্ৰুৱজ্যোতি নাথ , হিমাংশু দাসৰ সম্পাদনাত প্রকাশিত
 ‘আঠীয়াবাৰীৰ সুবাস ' নামৰ স্মৃতিগ্ৰন্থখন উন্মােচন কৰে । অনুষ্ঠানত কণ্ঠশিল্পী কল্লোল বৰঠাকুৰে গীত পৰিবেশন কৰে ।

 Source: Barpeta Express

Post a Comment

Previous Post Next Post