২০২১ত AJP+ৰাইজৰ দলৰ ঐক্যবদ্ধ শক্তিয়ে আঞ্চলিকতাবাদৰ চৰকাৰ কৰিব অসমত।
বিজেপিক ফাকি আৰু বাকীৰ চৰকাৰ আখ্যা হুছেইনৰ।
১২/২/২০২১
আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নৱ গঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক তৎপৰ হোৱা দেখা গৈছে বৰক্ষেত্ৰীত।ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইনে বৰক্ষেত্ৰীৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ লগত মত বিনিময় কৰি মুকালমুৱাৰ বৰতলাস্থিত অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাছেল হুছেইনে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে-
shot 1/ বিজেপি ফাকি আৰু বাকীৰ চৰকাৰ।বিভিন্ন আচনিৰ প্ৰলোভন দি সাধাৰণ ৰাইজৰ ভোট লোৱাৰ চেষ্টা বিজেপিৰ।এফালে চৰকাৰী আচনি আনফালে অভাৱনীয় মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে সাধাৰণ ৰাইজক।
মিঞা ভোটৰ প্ৰসংগত তেওঁ কয় যে বিজেপিয়ে ধৰ্মৰ নামত ভাগ ভাগ কৰিব বিছাৰিছে বিজেপি এ। সকলো জাতি জনগোষ্ঠী,ভাষা,ধৰ্ম বৰ্ণ নিৰ্বিশেষে ঐক্যবদ্ধ শক্তিৰে ২১ ত অসমত আঞ্চলিকতাবাদৰ চৰকাৰ হব বুলি কয় হুছেইনে।ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে ২০২১ ত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ ঐক্যবদ্ধ আঞ্চলিক শক্তিয়ে বিজেপিক উচিত প্ৰত্যুত্তৰ দিব।
নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ পুলকেশ বৰুৱাৰ সমান্তৰালকৈ ৰাইজৰ দলৰ পৰা ৰাছেল হুছেইনো টিকট প্ৰত্যাশীৰ নাম চৰ্চা লৈ আহিছে।সেই সন্দৰ্ভত সাংবাদিকে হোৱা প্ৰশ্নোত্তৰত ৰাইজৰ দলৰ নেতা গৰাকীয়ে কয় যে--দলৰ শীৰ্ষ নেতৃত্বই যি সিদ্ধান্ত লয় সেইমতেই সকলোৱে মিলি তৃণমূল পৰ্যায়ত কাম কৰিব আৰু বিজেপিক উৎখাত কৰি আঞ্চলিকতাবাদৰ চৰকাৰ গঠন কৰাটোৱে হব দুয়োটা দলৰ মূললক্ষ।