হাজোৰ দিহিনা গাৱৰ এজন যুৱক। কেইবাটাও জটিল ৰোগত আক্ৰান্ত হৈ ৰিতু দাস নামৰ এইজন যুৱকে চিকিৎসাৰ অভাৱত এতিয়া মৃত্যুৰ ক্ষণ গণিছে। দৰিদ্ৰ মাক দেউতাকৰ ৰিতুক চিকিৎসা কৰিবলৈ হাতত নাই ধন। ইতিমধ্যে ৰিতুৰ চিকিৎসাৰ নামত ঘৰৰ সমস্ত সাচতীয়া ধন শেষ। এতিয়া উপায়হীন হৈ পুত্ৰৰ দূৰৱস্থা এনেদৰে চাই ৰৈছে। কিন্তু চকুৰ আগত এনেকৈ মৃত্যুৰ মূখলৈ ঠেলিও দিব নোৱাৰে । উপায় বিহীন হৈ এতিয়া ৰিতুক নিশ্চিত মৃত্যুৰ পৰা বচাবলৈ মূখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ মাক দেউতাকৰ। লগতে কোনো সদাশয় ব্যক্তিয়েও যাতে ৰিতুক চিকিৎসাৰ বাবে সহায় কৰে তাৰ বাবে কাতৰ অনুৰোধ জনাইছে ৰিতুৰ মাক দেউতাকে।
কোনো সদাশয় ব্যক্তিয়ে যদি সহায় কৰিব বিচাৰে ৰিতুৰ মাক জোনালী দাসৰ A/C no...7277029008508 IFSC code UTBIORRBAGB বৰম্বৈ শাখা অসম গ্ৰামীণ বিকাশ বেংকৰ জৰিয়তে সহায় কৰিব পাৰে।
বাৰ্তা প্ৰেক হাজো