মানকাচৰৰ আন্তঃৰাষ্ট্ৰীয় বানিজ্য কেন্দ্ৰক পূৰ্ণাংগ ৰূপ দিয়াৰ দাবী : আমদানি-ৰপ্তানি অব্যাহত ৰখাত ব্যৰ্থ চৰকাৰ,
ভাৰত- বাংলাদেশৰ মাজত
আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় বানিজ্যৰ লগতে সু সম্পৰ্ক গঢ়ি তোলাৰ উদ্দেশ্যেৰে পশ্চিম অসমৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ মাজ মজিয়াত স্হাপন কৰা আন্তঃৰাষ্ট্ৰীয় বানিজ্য কেন্দ্ৰটো দীৰ্ঘ দিনে পূৰ্ণাংগ ৰূপ নিদিয়াৰ ফলত উভয় দেশৰ মাজত আজিলৈকে আমদানি-ৰপ্তানিৰ সুস্থিৰ পৰিবেশ গড়ি নুঠাত আমদানি-ৰপ্তানি বাবসায়ী সন্থাই চৰকাৰৰ ওচৰত ক্ষুব্ধ হৈ উঠিছে।
।অসম গন পৰিষদ দলৰ দ্বিতীয়টো কায্যকালৰ সময়ত আধাৰশিলা স্হাপন কৰা আন্ত ৰাষ্ট্ৰীয় বানিজ্যিক কেন্দ্ৰ খন ২০১৩ চনৰ ২৭ জানুৱাৰীত তদানীন্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে শুভ উদ্বোধনী কৰে। সেই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰখন বত্তমান মৃতপ্রায় অৱস্থাত উপনীত হৈছে। বিগত কেইবা বছৰ ধৰি এই দৰেই পৰিতক্ত অৱস্থাত পৰি থকাৰ ফলত এতিয়া বাণিজ্য ভৱনবোৰ যেন মৰিশালিত পৰিণত হৈছে। ভাৰত - বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় বানিজ্যৰ লগতে সু সম্পৰ্ক গঢ়ি উঠাৰ লক্ষ্যৰে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা এই বাণিজ্য কেন্দ্ৰখনৰ গৃহবোৰ বিনষ্ট হৈ এৰাবাডীত পৰিণত হোবা পৰিলক্ষিত হৈছে৷ তথাপিও ৰাজ্য চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষৰ নাই কোনো ভ্ৰুক্ষেপ। বানিজ্যিক কেন্দ্ৰটো পূৰ্ণাংগ ৰূপ দিয়াৰ পৰিবৰ্তে স্থানীয় প্রশাসনে কেবা বছৰ ধৰি চিআৰপিএফৰ শিবিৰ স্থাপন কৰি কেন্দ্ৰটোৰ গৃহাদি জৰাজীৰ্ণ কৰি পেলাইছে। কেন্দ্ৰটোৰ গৃহৰ দৰ্জা খিৰকী ভাঙি পেলোৱা হৈছে। শৌচালয়বোৰো জৰাজীৰ্ণ আৰু লেতেৰা কৰি দূৰৱস্থাত পেলাই থোৱা হৈছে। কেন্দ্ৰটোৰ দূৰৱস্থাৰ কাৰণে কাষ্টম বিভাগে কেন্দ্ৰটোত কাম কৰা সম্ভৱ নহয় বুলি মন্তব্য কৰিছে।এতিয়া অৱশ্যে কেন্দ্রটোত চিআৰপিএফৰ কেম্প নাই। অকল গৃহ নিৰ্মাণ কৰিয়ে প্ৰয়োজনীয় আন আন লাগতীয়াল শাখা সমুহৰ অভাৱত আজিকোপতি পুনাঙ্গ ৰুপ পোৱা নাই।
মন কৰিবলগীয়া যে বানিজ্যিক কেন্দ্রেটোৰ অধীনত কিছুদিন কয়লা, শিল আদি বাংলাদেশলৈ ৰপ্তানি হৈছিল। কিন্তু বৰ্তমান কয়লা আৰু শিল বাংলাদেশলৈ ৰপ্তানি হোৱাৰ পৰিবৰ্তে বাংলাদেশৰ পৰা প্লাষ্টিক জাতীয় সামগ্রী প্লাষ্টিকৰ চকী, টেবিল,বাল্টি, জগ, মগ, আঠুৱা আদি আমদানি হৈ আছে। অৱশ্যে কোৰোনা মহামাৰীৰ কাৰণে আমদানি কাৰবৰতো যথেষ্ট জটিল হৈ পৰিছে৷
ভাৰত বাংলাদেশ সীমান্তৰ মানকাচৰখন এখন অতিকৈ পিছপৰা অঞ্চল যত নাই কোনো ৱ্যৱসায় বানিজ্যৰ নুন্যতম সুবিধা। নাই কোনো কল কাৰখানা যাৰ বাবে নিবনুৱা যুবকৰ হাৰ সৰ্বাধিক। এই বাণিজ্য কেন্দ্ৰখনৰ আৰম্ভ হোৱাহেতেন বহু নিবনুৱা যুবক যুৱতীৰ উপাৰ্জনৰ পথ মুকলি হোবাৰ লগতে এই কেন্দ্ৰখনে মানকাচৰক উন্নয়ণৰ ক্ষেত্ৰত এক নতুন ৰূপ দিয়াত অগ্ৰণী ভূমিকা পালন কৰিব পাৰিলহেতেন। বত্তমান ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে মানকাচৰৰ আন্তৰ্জাতিক বানিজ্যিক কেন্দ্ৰটো পুনাঙ্গ ৰুপ দি অনতিপনমে আৰম্ভ কৰিবলৈ মানকাচৰ ৰাইজ তথা আন্তৰ্জাতিক ব্যৱসায়ৰ লগত জড়িত ব্যক্তি সকলে অনুৰোধ জনাইছে।
মানকাচৰৰ পৰা সাজ্জাদ হুচেইনৰ প্ৰতিবেদন।