শংকৰ আজান সমন্বয় বঁটা ২০২১ চনৰ বাবে ড০ মোৰশেদুজ জামান ৰবীনে লাভ কৰিছে। সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চ, অসমে ড০ মোৰশেদুজ জামান ৰবীনক শংকৰ আজান সমন্বয় বঁটা প্ৰদান কৰিছে।
তৈয়বুজ জামান আৰু ছামচুন নাহাৰ তৈয়বৰ জেষ্ঠপুত্ৰ সন্তান ড০ মোৰশেদুজ জামান ৰবীনে ১৯৭৫ চনৰ ০১ মাৰ্চ তাৰিখে জন্মগ্রহণ কৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰত। দেউতাক লক্ষীপুৰৰ খণ্ড উন্নয়ন বিষয়া হোৱা হেতুকে তেওঁৰ শৈশৱ কাল অতিবাহিত হয় লক্ষীপুৰতে । তেওঁ লক্ষীপুৰৰ নিদানপুৰত অৱস্থিত সবিতা বিদ্যাপীঠত এল. পি. স্কুলৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে৷ ১৯৯০ চনত দক্ষিণ শালমাৰাৰ ৰাণী ভৱানী প্ৰিয়া হায়াৰ চেকেণ্ডাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ক গুৰু বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এ আৰু গোৱালপৰীয়া উপভাষাৰ ওপৰত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰে |
এইজনা কবিয়ে হাইস্কুলীয়া শিক্ষা জীৱনৰ পৰাই গল্প কবিতা লিখাৰ পাতনি মেলিছিল আৰু আজিও সেই ধাৰা অব্যাহত ৰাখিছে |
বৰ্তমানে তেওঁ মানকাচৰ মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত | কৰ্মত নিয়োজিত হৈ থকাৰ লগতে মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ প্ৰোগ্ৰাম অফিচাৰ । তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা ২০০৮ আৰু ২০১৪ চনত দুবাৰকৈ এম আৰ পি ফেল'শ্বিপ লাভ কৰিছে ।লিখা মেলাৰ উপৰিও সজাগতাৰ বাবে বাটৰ নাটত অভিনয়ৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে।
গৱেষক, সমালোচক, কবি ড০ মোৰশেদুজ জামান ৰবীনে ইতিমধ্যে অসম গৌৰৱ সন্মান বঁটা ২০২১ আৰু লগতে ভাৰতীয় দলিত সাহিত্য একাডেমীৰ Dr. Ambedkar Fellowship National Award ২০১৯ বঁটা লাভ কৰিছে |
তেখেত হিউমেন ডেভেলপমেন্ট চোচাইটি নামৰ NGO ৰ সক্ৰিয় সদস্য। তেওঁ অসমীয়া ৱিকিপেডিয়াৰ এজন সক্ৰিয় সদস্য হোৱা হেতুকে কেবাটাও পদক লাভ কৰিছে ।
গৱেষক , সমালোচক, কবি ড০ মোৰশেদুজ জামান ৰবীনক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু ৰাইজে বা পাঠক সমাজে তেখেতৰ গ্ৰন্থৰাজিক আন্তৰিকতাৰে আদৰি লৈ তেখেতক সাহিত্যৰ বহল সেউজীয়া পথাৰত খোজ পেলাবলৈ উৎসাহ-প্ৰেৰণা যোগাব।
মানকাচৰৰ পৰা সাজ্জাদ হুচেইনৰ ৰিপোৰ্ট।