হাটশিঙিমাৰীৰ মাতিনেৰ চৰত চৰকাৰী ভুমিত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান : ভূমিহীন উচ্ছেদিতাৰ পথ অৱৰোধ আৰু কাতৰ আবেদনত তিনি দিনৰ সময় দি বন্ধ ৰাখিলে উচ্ছেদ অভিযান।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পাৰ্শ্বৱৰ্তী মাতিনেৰ চৰত চৰকাৰী ভুমিত বসবাস কৰা পৰিয়ালক উচ্ছেদ কৰিবলৈ গৈ জিলা প্ৰশাসনে উচ্ছেদিত পৰিয়ালৰ পথ অৱৰোধ আৰু কাতৰ আবেদনত হেওমানি তিনি দিনৰ সময় দি উচ্ছেদ বন্ধ ৰাখিবলৈ বাধ্য হৈ উভতি অহা ঘটনাই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে।
উল্লেখ্যযোগ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পাৰ্শ্বৱৰ্তী মাতিনেৰ চৰত দুই বছৰ মান পুৰ্বে জিলা উপায়ুক্তৰ কাৰ্য্যালয়, আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়, আদালতৰ গৃহ নিৰ্মাণ আদিকে কেবাটাও কাৰ্য্যালয়ৰ ভুমিৰ বাবে চৰকাৰী ভুমিত বসবাসৰ কৰা গৰাখহনীয়া কৱলিত ভূমিহীন দূই শতাধিক পৰিয়ালৰ ঘৰবাৰী জিলা প্ৰশাসনে উচ্ছেদ কৰিছিল। আনকি এই সকল পৰিয়াল সকলক জিলা প্ৰশাসনৰ ফালৰ পৰা ভুমিচৰকাৰী ভুমি আৰু দ-জলাশয় এটাত এক কঠা ৫লেচাকৈ ভুমি আৱন্টন দি স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিছিল। কিন্তু চৰকাৰে মাটি বুজাই মাটিত দূখীয়া ভূমিহীন পৰিয়াল কেইটাই দখল লব নোৱাৰা আৰু দ-জলাশয়ত ঘৰ-বাৰী বনাব নোৱাৰি একাংশ পৰিয়ালে উচ্ছেদ কৰা ঠাইতে ৰৈ গৈছে। সেই সকল বেদখলকাৰীক দূখীয়া পৰিয়ালক উচ্ছেদ কৰাৰ বাবে আজি ৰাতিপুৱা ১১.৩০ মান বজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মহকুমাধিপতি (সদৰ) তথা ভুমি বন্ধৱস্তী প্ৰাধিকৰণ বিষয়া জয়ন্ত সৰকাৰ আৰু জিলা আৰক্ষী বিষয়া সুবোধ সোনোৱালৰ নেতৃত্বত বৃহৎ আৰক্ষী আৰু চি আৰ পি এফৰ দল এটাই উচ্ছেদ চলাবৰ বাবে মাতিনেৰ চৰত উপস্থিত হয়। জিলা প্ৰশাসনৰ এই উচ্ছেদ অভিযানৰ আগতীয়াকৈ উমান পাই উচ্ছেদৰ আশংকাত চৰকাৰী ভুমিত বসবাস কৰা পৰিয়ালৰ শতাধিক পুৰুষ - মহিলা উচ্ছেদ চলাবলৈ যোৱা ৰাস্তাত পথ অৱৰোধ কৰি প্ৰতিবাদ কৰে। কিন্তু প্ৰতিবাদকাৰী পুৰুষ - মহিলাৰ কাতৰ আবেদনক আওকাণ কৰি জিলা প্ৰশাসনে পথ অৱৰোধকাৰী সকলোক আৰক্ষী আৰু চি আৰ পি এফ লগাই আতৰাই দিয়ে। অৱশ্যে উচ্ছেদ কৰিব লগীয়া ঠাইত প্ৰশাসনৰ তিনিটাকৈ জেচিবি উপস্থিত হোৱাৰ পিছতো পৰিয়াল সমুহৰ কাতৰ অভিযোগ শুনাৰ পিছত তিনি দিনৰ সময় দি উচ্ছেদ বন্ধ ৰাখি জিলা প্ৰশাসনে তাৰ পৰা উভতি আহে। তিনিদিনৰ ভিতৰত পৰিয়াল সমুহ তাৰ পৰা নিজে নিজে আতৰি নগলে অহা শনিবাৰে পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিব বুলি মহকুমাধিপত (সদৰ) তথা ভূমি বন্ধৱস্তী প্ৰাধিকৰণ বিষয়া জয়ন্ত সৰকাৰে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে ।
আনহাতে চৰকাৰে আৱন্টন দিয়া ভূমিহীন লোকৰ ঘৰ-বাৰী বনাব পৰা ভুমি মাটি বুজাই দিলেহে ২০/৩০ বছৰ ধৰি বসবাস কৰা ভূমিহীন দূখীয়া পৰিয়াল কেইটাই স্ব-ইচ্ছাই তাৰ পৰা আতৰি যাব বুলি ভুক্তভোগী লোক এগৰাকীয়ে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে ।