শান্তিপ্ৰিয় বিটিএডি ত পুনৰ অশান্ত কৰাৰ কিহৰ ইংগিত :যোৱা নিশা কোকৰাঝাৰ আৰু চিৰাং জিলাত অচিনাক্ত দুৰ্বৃত্তৰ দলে দুই ব্যৱসায়ীক গুলিয়াই গুৰুতৰ ভাবে আহত:আহতক সংকতজনক অৱস্থাত বঙাইগাঁও লোৱাৰ আসাম হস্পিতালত ভৰ্তি:আৰু আৰক্ষী ব্যাপক তালাচী অভিযান:কোনো কোঁচ ৰাজবংশী বিদ্ৰোহী সংগঠনৰ ২লাখ টকাৰ ধনদাবী।
দীর্ঘদিন অগ্নিগৰ্ভা নামনি অসম তথা বিটিএডি (বিটিআৰ) এলেকাত সাম্প্ৰতিক এক শান্তি আৰু সুস্থ পৰিৱেশৰ সৃষ্টিৰ হোৱা মাজতে যোৱা নিশা কোকৰাঝাৰ আৰু চিৰাং জিলাত পৃথকে-পৃথকে দুটা স্থানত দুজন ব্যৱসায়ীক কোনো অচিনাক্ত বন্দুকধাৰী দুৰ্বৃত্তৰ দলে গুলিয়াই গুৰুতৰ ভাৱে আহত কৰাৰ ঘটনাই পুনৰ পূৰ্ব দিনৰ সোঁৱৰাই সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰু আতংকিত কৰি তুলিছে।প্রাপ্ত ঘটনাৰ বাতৰিমতে কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰি আৰক্ষী থানাৰ অধীনস্থ নাৰাবাৰী গাওঁত নিশা প্ৰায় ৮.৩০বজাত ব্যৱসায়ী সুনীল মণ্ডল(৪৫)ক নিজ দোকানত থকা অৱস্থাত দুখন বাইক আৰোহি যুৱকৰ দলে আহি গুলিবৰ্ষণ কৰে।পিছত গুলীৰ শব্দ শুনি হৈ চৈ ৰ সৃষ্টি হোৱাত দুৰ্বৃত্তৰ দলটো পলায়ন কৰে।ইফালে চেৰফাংগুৰি থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি তদন্ত কৰাৰ লগতে অতি সংকটজনক গুলিবিদ্ধ গেলামাল দোকানী গৰাকীক বঙাইগাঁও লোৱাৰ আসাম হস্পিতালত ভৰ্তি কৰায়।জানিব পৰামতে ইতিপূৰ্বে কোনো কোঁচ-ৰাজবংশী বিদ্ৰোহী সংগঠনে ব্যৱসায়ীগৰাকীক দুই লাখ টকাৰ ধন দাবী কৰিছিল বুলি প্ৰকাশ পাইছে। একেদৰে চিৰাং জিলাটো আমগুৰি থানাৰ অন্তৰ্গত আমাটকা বজাৰ এলেকাত থকা হাৰ্ডৱেৰ দোকানৰ ব্যৱসায়ী অলিন ঈশ্বৱাৰী(৫০)ক নিশা প্ৰায় ১২.৩০বজাত শোৱাপাটিৰ পৰা জগাই আনি গুলি বৰ্ষণ কৰে ।আৰু দুৰ্বৃত্তৰ দলটোৱে প্ৰায় ছয় ৰাউণ্ড গুলিবৰ্ষণ কৰি পলায়ন কৰাৰ পিছত আমগুৰি থানাৰ আৰক্ষীৰ সহযোগত নিশাই বঙাইগাঁও লোৱাৰ আসাম হস্পিতালত ভৰ্ত্তি কৰায়।ইতিমধ্যে একেটা নিশাত দুখনকৈ জিকাত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে ব্যৱসায়ীক গুলিবৰ্ষণ কৰি পলায়ন কৰা ঘটনা সহজভাৱে গ্ৰহণ কৰিব পৰা নাই আৰক্ষীয়ে আৰু ব্যাপক আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ তালাচী তীব্রতৰ কৰি তুলিছে বুলি বাটৰিটোত প্ৰকাশ।