হাইস্কুল শিক্ষান্ত পৰীক্ষাত নামনি অসমত মুঠ ৮গৰাকী ছাত্ৰ-ছাত্ৰী স্থান লাভ

 নামনি অসমত মুঠ ৮গৰাকী ছাত্ৰ-ছাত্ৰী স্থান লাভ:অতি নিম্নগামী জিলাত পৰিণত হৈছে চিৰাং:নামনিত শিক্ষাৰ মান নিম্নগামীত বিশেষ চৰ্চিত শিক্ষাবিদ-সাধাৰণ ৰাইজৰ মাজত।




বহু বাদ-প্ৰতিবাদ আৰু বিতৰ্কৰ মাজত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নামনি অসমত সৃষ্টি হৈছে এক উৎসৱ মুখৰ পৰিৱেশ।এইবাৰ নামনি অসমৰ ৮খন জিলাত মুঠ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল একলাখ আঠশ ১০গৰাকী ।ইয়াৰে উত্তীৰ্ণ হয় মুঠ ৫৬,১৪০গৰাকী।আৰু ইয়াৰ মাজত মুঠ ৮গৰাকী বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হয়।প্রাপ্ত তথ্যমতে বঙাইগাঁও জিলাৰ বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অনুভৱ কপিলে মুঠ ৫৮৮নম্বৰ লাভ কৰি নৱম স্থান পায়।আৰু বৰপেটা জিলাৰ আনন্দ বৰুৱা একাডেমী হাইস্কুলৰ ছাত্ৰী স্বপ্নাৰাজ কলিতাই মুঠ ৫৯৪নম্বৰ লাভ কৰি চতুৰ্থ স্থান পায়।আৰু জ্যোতিপাল তালুকদাৰে ৫৯১ নম্বৰ লাভ কৰি সপ্তম স্থান অধিকাৰ কৰে।একেদৰে পাহ্লাজি হাইস্কুলৰ ছাত্ৰ জুবাইৰ হুছেইনে মুঠ নম্বৰ ৫৯৩লাভ কৰি পঞ্চম স্থান পায়।জিলাখনৰ পাঠশালা শিক্ষাপীঠ আদৰ্শ উচ্চমাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ হাৰ্ষিত বৰ্মনে মুঠ নম্বৰ ৫৯০লাভ কৰি অষ্টম স্থান পায়।একেদৰে ডিভাইন এ পি শৰ্মাই মুঠ নম্বৰ ৫৮৯লাভ কৰি নৱম স্থান পায়।আৰু নৱমিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আলমিনা খাতুনে মুঠ নম্বৰ ৫৮৮লাভ কৰি দশম স্থান পায়।ইফালে গোৱালপাৰা জিলাত এক্সটি চেৰাষ্টিযানচ স্কুলৰ ছাত্ৰ বিতোপন মেধিয়ে মুঠ ৫৯২ নম্বৰ লাভ কৰি ষষ্ঠ স্থান অধিকাৰ কৰে।সেইমতে বৰপেটা জিলাই ৭০.০৭ শতাংশ পাই নামনি অসমৰ মান ৰক্ষা কৰিবলৈ সক্ষম হলেও আটাইতকৈ নিম্ন স্থানত আছে চিৰাং জিলা ৩৪.২৭শতাংশ।বঙাইগাঁও জিলাত মুঠ ৪৩.০৫শতাংশ ।মুলতঃ দেখা গৈছে নামনি অসমত প্ৰতিটো জিলাত শিক্ষাৰ মান অতি ৰহস্যজনক ভাৱে নিম্নগামী হোৱাটো ভাল লক্ষণ নহয় বুলি এতিয়া শিক্ষাবিদ আৰু সাধাৰণ ৰাইজৰ মাজত বিশেষ চৰ্চিত হৈ পৰিছে।  

Post a Comment

Previous Post Next Post