অসম-পশ্চিমবংগ ৰাজ্যৰ একাংশকলৈ প্ৰস্তাৱিত কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত পাঁচ দহকৰো অধিক কাল জংগী আন্দোলন কৰি অহা কোঁচ -ৰাজবংশী জনগোষ্ঠীটোৰ এতিয়া আৰম্ভ হৈছে ভাষাকলৈ তুমুল বিতৰ্ক ,বাদ-প্ৰতিবাদ আৰু তীব্ৰ প্ৰতিক্ৰিয়া।আজি নামনি অসমৰ কেন্দ্ৰবিন্দুস্বৰূপ বঙাইগাঁও জিলাৰ ছাপ্ৰাকাটাৰ চিলাৰায় ভৱনত কোঁচ -ৰাজবংশী সাহিত্য সভা তথা এই সংগঠনৰ দত্ত দ্বিজেন্দ্র নাথ ভকতৰ বিৰুদ্ধে প্ৰতিবাদ আৰু ৰাজবংশী ভাষা আহ্বায়ক সমিতিয়ে এক সাংবাদিক মেল আয়োজন কৰি প্ৰকাশ কৰিছে গুৰুতৰ অভিযোগ-----
বঙাইগাঁও জিলাৰ চাপাৰাকাটাস্থ চিলাৰায় ভৱণত ৰাজবংশী ভাষা আহ্বায়ক কমিটিৰ সংবাদ সম্বোধন।
গৌৰীপুৰৰ কথিত ভাষাক ৰাজবংশী ভাষা হিচাপে মান্যতা দিয়া সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা ৰাজবংশী ভাষা আহ্বায়ক কমিটিৰ আহ্বায়ক তথা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাাৰ (আক্ৰাছু) প্ৰাক্তন প্ৰচাৰ সম্পাদক উৎপল সিংহৰ প্ৰতিক্ৰিয়া।
কোচ ৰাজবংশী সাহিত্য সভাৰ সিদ্ধান্ত স্বেচ্ছাচাৰী আৰু অদূৰদৰ্শী ।
কোচ ৰাজবংশী সাহিত্য সভাৰ সিদ্ধান্তৰ বিষয়ে আলোচনা কৰিবলৈ কোচ ৰাজবংশী বিভিন্ন দল, সংগঠনৰ প্ৰতিনিধি, সাহিত্যক, বুৰঞ্জীবিদ, শিক্ষাবিদ, শিল্পী আৰু বুদ্ধিজীৱীৰ উপস্থিতত অহা ১২ জুনত বঙাইগাঁও জিলাৰ চাপাৰাকাটাস্থ নৰনাৰায়ণৰ- চিলাৰায় কলাক্ষেত্ৰত এখন ৰাজহুৱা সভাৰ আহ্বান কৰিছে ৰাজবংশী ভাষা আহ্বায়ক কমিটিয়ে।